ETV Bharat / state

জম্মু-কাশ্মীৰত ক’ভিড-19 ত মৃত্যু গহপুৰৰ চিআৰপিএফ জোৱান

author img

By

Published : Jul 18, 2020, 2:59 PM IST

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ অবন্তীপুৰত ক’ভিড-19 ত আক্ৰান্ত হৈ মৃত্যুবৰণ গহপুৰ চিআৰপিএফ জোৱান পদ্মেশ্বৰ দেউৰীৰ ৷

Gohpur CRPF Soldier Died on Covid in Jammu & Kashmir
জম্মু-কাশ্মীৰত ক’ভিড-19 ত মৃত্যু গহপুৰৰ চিআৰপিএফ জোৱান

বিশ্বনাথ, 18 জুলাই: ৰাজ্যবাসীলৈ এক দুঃখবৰ ৷ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ অবন্তীপুৰত ক’ভিড-19 আক্ৰান্ত হৈ মৃত্যু গহপুৰ চিআৰপিএফ জোৱান পদ্মেশ্বৰ দেউৰীৰ ৷ বিশ্বনাথ জিলা গহপুৰ মহকুমা শান্তিপুৰ দেউৰী গাঁৱৰ চিআৰপিএফ জোৱান জন বিগত দুবছৰ ধৰি জম্মু-কাশ্মীৰৰ শ্ৰী নগৰ অবন্তীপুৰত কৰ্তব্যৰত হৈ আছিল ৷ শুকুৰবাৰে নিশা 11.30 বজাত জোৱান জনৰ মৃত্যু‌ হোৱা বুলি পৰিয়ালৰ লোকক অৱগত কৰা হয় ।

গহপুৰ চিআৰপিএফ জোৱান পদ্মেশ্বৰ দেউৰী
গহপুৰ চিআৰপিএফ জোৱান পদ্মেশ্বৰ দেউৰী

জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল জোৱান জন । যোৱা এসপ্তাহ ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল পদ্মেশ্বৰ দেউৰী । শুকুৰবাৰে ক'ভিড পজিটিভ বুলি চিকিৎসালয়ে জানিবলৈ দিয়ে । 56 বছৰীয়া জোৱান জনৰ মৃতদেহ পৰিয়ালৰ লোকে লাভ নকৰাকৈয়ে এতিয়া মৃতকৰ সকলো যাৱতীয় কাম কাজ সম্পন্ন কৰিব লাগিব ।

মৃত্যুৰ সময়ত পদ্মেশ্বৰ দেউৰী চিআৰপিএফৰ এএচআই ভূমিকাত কৰ্তব্যৰত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে । ইফালে জোৱান জনৰ এনে মৃত্যুয়ে এতিয়া শোকৰ ছাঁ পেলাইছে গহপুৰত ।

লগতে চাওক-‘ডিজিটেল ইণ্ডিয়া’লৈ এক নতুন গতি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.