বিশ্বনাথ,৯ জুন: কৰ'ণা সংক্ৰমণৰ সমান্তৰালকৈ ৰাজ্যত আৰম্ভ হৈছে বানৰ তাণ্ডৱ । যোৱা কেইদিনমান ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত দিৰিং নদীৰ বাঢ়নী পানীয়ে মঙ্গলবাৰে নিশা বৰপথাৰ অঞ্চলৰ বিৰজা লাইনৰ সমীপৰ মথাউৰি ছিঙি নিয়ে । ফলত নদীৰ বাঢ়নী পানীয়ে বৰপথাৰ অঞ্চলৰ ১নং বৰপথাৰ, ২নং বৰপথাৰকে ধৰি বৰপথাৰৰ বিস্তীৰ্ণ অঞ্চল বেগুনবাৰী, দলংগুৰি, টেঙাবস্তি, বিৰজা লাইন আদি প্ৰায় ২০ খনৰ অধিক গাওঁ জলমগ্ন কৰি তোলে ।
আনহাতে দিৰিং নদীৰ বাঢ়নী পানীয়ে বালিচাং-কমাৰজান গড়কাপ্তানী বিভাগৰ পথতো ছিঙি ৰাইজৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন কৰি তুলিছে। ইফালে ঘিলাধাৰী নদীৰ বাঢ়নী পানীৰ ফলত বৰপথাৰ অঞ্চলৰ কেইবাখনো গাওঁ বুৰাই পেলাইছে । হঠাৎ নিশা দুয়োখন নদীৰ বাঢ়নী পানীয়ে গাওঁসমূহ প্লাবিত কৰাত গাওঁবাসীৰ লগতে পশুধনৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।
আনহাতে পুৱা দিৰিং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱা বৰপথাৰ অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্গতিৰ বুজ লয় বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে । বিধায়ক গৰাকীৰ লগতে বৰপথাৰ জিলা পৰিষদৰ সদস্য প্ৰবীণ হাঞ্চে, পঞ্চায়ত প্ৰতিনিধি সকলেও গাওঁবাসী তথা বানাক্ৰান্ত ৰাইজৰ খবৰ কৰে ।
ইফালে বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া সংঘমিত্ৰা ভাগৱতীয়ে বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে বিভাগীয় বিষয়াক সাহাৰ্য আৰু অস্থায়ী আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক:কলগাছিয়াৰ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজ !