ETV Bharat / state

নিৰ্বাচন আয়োগৰ নিৰ্দেশ: ভোট দিবলৈ লাগিব 12 টা নথিৰ যিকোনো এটা - লোকসভা নিৰ্বাচন

লোকসভা নিৰ্বাচনত ভোট দিবলৈ ভোটাৰ ৰাইজে নিব লাগিব প্ৰয়োজনীয় কিছু নথি । অহা ১১ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ বিশ্বনাথ জিলাৰ অন্তৰ্গত ভোটাৰ সকলেও নিৰ্ধাৰিত নথি সমূহৰ ভিতৰত যিকোনো এটা দেখুৱাব লাগিব । নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিছে এই নথি সমূহ ।

ভোট দিবলৈ লাগিব ১২ টা নথিৰ যিকোনো এটা
author img

By

Published : Apr 9, 2019, 6:13 AM IST

বিশ্বনাথ, ৯ এপ্ৰিল : লোকসভা নিৰ্বাচনত ভোট দিবলৈ ভোটাৰ ৰাইজৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ১২ টাকৈ নথিৰ । ইয়াৰে যিকোনো এটা হ'লেহে ভোটাৰে দিব পাৰিব নিজৰ ভোট । ভোট কেন্দ্ৰত ভোটাৰে প্ৰদৰ্শন কৰিব লগা আৰু আয়োগে নিৰ্ধাৰণ কৰি দিয়া নথি সমূহ হৈছে-

  • ১) ভোটাৰ পৰিচয় পত্ৰ,
  • ২) ফটো যুক্ত পেঞ্চন নথি,
  • ৩) পাৰপত্ৰ,
  • ৪) গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ,
  • ৫) বেংক, ডাক ঘৰে প্ৰদান কৰা ফটো সম্বলিত পাচবুক,
  • ৬) আধাৰ কাৰ্ড,
  • ৭) চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, পাব্লিক লিমিটেড কোম্পানীয়ে প্ৰদান কৰা সেৱা পৰিচয় পত্ৰ,
  • ৮) শ্ৰম মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড,
  • ৯) পান কাৰ্ড,
  • ১০) এনৰেগা জব কাৰ্ড,
  • ১১) ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ অধীনত ভাৰতৰ মহা পঞ্জীয়কে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড আৰু
  • ১২) সাংসদ/ বিধায়ক/ বিধান পৰিষদৰ সদস্য সকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ ।

উল্লেখযোগ্য যে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু আয়োগে সকলো মণ্ডল (Zonal) বিষয়া, ক্ষেত্ৰ (Sector) বিষয়া, প্ৰিজাইডিং বিষয়া, পুলিং বিষয়াক এই সন্দৰ্ভত সঠিক ৰূপত ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে ।

নিৰ্বাচন আয়োগৰ নিৰ্দেশ: ভোট দিবলৈ লাগিব নিৰ্ধাৰিত ১২ টা নথিৰ যিকোনো এটা

  সমাগত লোকসভা নিৰ্বাচনত ভোট দিবলৈ ভোটাৰ ৰাইজে কিছুমান নথি ভোট কেন্দ্ৰত প্ৰদৰ্শন কৰিবলৈ  নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিছে। প্ৰথম পৰ্যায়ত অহা ১১ এপ্ৰিলত  অনুষ্ঠিত হব লগা এই নিৰ্বাচনত বিশ্বনাথ জিলাৰ অন্তৰ্গত ভোটাৰ সকলেও নিৰ্ধাৰিত নথি সমূহৰ ভিতৰত যিকোনো  এটা দেখুৱাব লাগিব।ভোট কেন্দ্ৰত ভোটাৰে প্ৰদৰ্শন কৰিব লগা আৰু আয়োগে নিৰ্ধাৰণ কৰি দিয়া নথি সমূহ হৈছে ১)ভোটাৰ পৰিচয় পত্ৰ, ২) ফটো যুক্ত পেঞ্চন নথি, ৩)পাৰপত্ৰ, ৪)গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ, ৫)বেংক, ডাক ঘৰে প্ৰদান কৰা ফটো সম্বলিত পাচ্বুক, ৬)আধাৰ কাৰ্ড, ৭)চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান,  পাব্লিক লিমিটেড কোম্পানীয়ে  প্ৰদান কৰা সেৱা পৰিচয় পত্ৰ , ৮)শ্ৰম মন্ত্ৰালয়ৰ  আচনিৰ অধীনত  প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড , ৯)পান কাৰ্ড, ১০)এনৰেগা জব কাৰ্ড, ১১) ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ অধীনত ভাৰতৰ মহা পঞ্জীয়কে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড আৰু ১২)সাংসদ/ বিধায়ক/ বিধান পৰিষদৰ সদস্য সকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ । উল্লেখযোগ্য যে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে ভোট গ্ৰহণ অনুষ্ঠিত হব আৰু আয়োগে সকলো মণ্ডল(Zonal) বিষয়া, ক্ষেত্ৰ(Sector) বিষয়া, প্ৰিজাইডিং বিষয়া, পুলিং বিষয়াক এই সন্দৰ্ভত সঠিক ৰূপত ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.