ETV Bharat / state

বনগাঁৱত মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্য - বন গাৱঁত মৃতদেহ উদ্ধাৰ

হত্যা নে আত্মহত্যা ! অসম অৰুণাচল সীমান্তৰ বনগাৱঁত ৰহস্যজনক ভাৱে উদ্ধাৰ এগৰাকী 40 বছৰীয়া লোকৰ মৃতদেহ ।

Dead body recovered at Assam-Arunachal Border
অসম-অৰুণাচল সীমান্তত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য
author img

By

Published : Sep 20, 2020, 4:43 PM IST

বিশ্বনাথ, 20 ছেপ্তেম্বৰ : বিশ্বনাথৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ বনগাৱঁত এটা মৃতদেহ উদ্ধাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । 4 দিন ধৰি নিৰুদ্দেশ হৈ থকা লোকজনৰ মৃতদেহ অৱশেষত ঘৰৰ কাষৰে এখন পথাৰত উদ্ধাৰ কৰা হয় । ঘটনা অনুসৰি যোৱা 14 ছেপ্তেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা বিহালী আৰক্ষী থানা অন্তৰ্গত বিহমাৰী বনগাঁওৰ চক্ৰ সিংনাৰ নামৰ ব্যক্তিজনক শনিবাৰে নিশা ঘৰৰ কাষৰ পথাৰৰ পৰা ৰহস্যজনক ভাৱে গাওঁবাসীয়ে উদ্ধাৰ কৰে ।

কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

স্থানীয় একাংশ লোকে লোকজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও পৰিয়াল লগত কোনো হাই-কাজিয়া নথকা ব্যক্তিজনে কি কাৰণত আত্মহত্যাৰ পথ বাছি লৈছে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ৷

বিহালী আৰক্ষী বিষয়াৰ ঘটনা সন্দৰ্ভত বিৱৰণ

ইপিনে লোকজনক কোনো লোকে পৰিকল্পিত ভাৱে হত্যা কৰি মৃতদেহতো পথাৰত পেলাই থোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কাৰ্বি ছাত্ৰ সন্থাই । এতিয়া সংগঠনটোৱে বিহালী আৰক্ষী থানাত উপস্থিত হৈ হত্যাকাৰীক শীঘ্ৰেই চিনাক্ত কৰি কৰায়ত্ব কৰিবলৈ দাবী জনাইছে ।

লগতে চাওক-পত্নী-পুত্ৰ-কন্যা-ভাতৃৰ বাবে টিকট বিচাৰি হাহাকাৰ ৰাজনৈতিক শীৰ্ষ নেতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.