চতিয়া, ২৯ জুলাই: অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু জামুগুৰিহাটৰ অন্যতম ক’লা সংস্কৃতিৰ অনুষ্ঠান আখৰাৰ সহযোগত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন নাট কৰ্মশালাখনিৰ সফল সামৰণি পৰে (Drama Workshop held in Jamugurihat)৷ নাট্যগোষ্ঠিটোৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজিত কৰ্মশালাখনিৰ বৃহস্পতিবাৰে সামৰণি পৰে ৷ নিশালৈ জামুগুৰিহাটৰ বাপুজী ভৱনত অনুষ্ঠিত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে দুখনকৈ নাট প্ৰদৰ্শন কৰে ৷
সাংস্কৃতিক কৰ্মী ৰঞ্জন দাসৰ পৰিচালনাৰে লক্ষীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুপুথিৰ "তেজীমলা" নাটকখন সুন্দৰভাৱে নাট্যৰূপ দি উপস্থাপন কৰাৰ লগতে বিশিষ্ট নাট্যকাৰ ননী মজুমদাৰৰ "জোনাকী মন" নামৰ আন এখন শিশু নাটো প্ৰদৰ্শন কৰে ।
উল্লেখ্য যে, অনুষ্ঠানটোত উপস্থিত থাকে জামুগুৰি নগৰ কমিটিৰ পৌৰপতি পল্লবিতা শৰ্মা মহন্ত, বিশিষ্ট অভিনেতা ৰাজীব বৰঠাকুৰৰ লগতে বহু সংখ্যক গন্য মান্য ব্যাক্তি ৷
লগতে পঢ়ক: Ankia Nat Workshop: নাৰায়ণপুৰৰ মধুপুৰত অংকীয়া নাট কৰ্মশালাৰ আয়োজন