বিহালী ১৬ আগষ্ট: বিহালী সমষ্টিৰ বৰগাং আৰু জিনজিয়াত ভাৰতীয় জনতা পাৰ্টীৰ বাঘমৰা মণ্ডল আৰু বিহালী মণ্ডলৰ স্থায়ী দুটা কাৰ্যালয়ৰ আধাৰশিলা মংগলবাৰে স্থাপন কৰে বিধায়ক ৰঞ্জিত দত্তই(BJP permanent office at Behali) । আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি বিধায়ক ৰঞ্জিত দত্তই কয় 'নিৰ্মাণ হ’বলগীয়া নতুন মণ্ডল কাৰ্যালয় দুটাই দলীয় কাম-কাজত অধিক গতিশীলতা আনিব ।'
বহুদিনীয়া আশা এটা নিজ হাতেৰে শুভাৰম্ভ কৰিবলৈ পাই অতিশয় আনন্দিত বুলি মন্তব্য আগবঢ়ায় প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত দত্তই ।
আনহাতে বিধায়ক দত্তই প্ৰথম বিহালী মণ্ডল বিজেপিৰ সভাপতি প্ৰয়াত নীলাম্বৰ কলিতাৰ নামত এই কাৰ্যালয়টো উচৰ্গা কৰা হব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।
ইফালে দলৰ বিশ্বনাথ জিলাৰ সভাপতি পঙ্কজ বৰাই কয় যে জিলা খনত মুঠ ১১ টা মণ্ডল কাৰ্যালয় স্থাপন কৰা হব ৷ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কাৰ্যকৰ্তাসকলৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰীৰ আহবান মৰ্মে এই কাৰ্যালয়সমূহ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে ।
আধাৰশিলা অনুষ্ঠানটোত উপস্থিত থাকে বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি পংকজ বৰা, সাঃ-সম্পাদক অসীম কুমাৰ দাস, বিশ্বনাথ জিলাৰ অনুসূচীত জাতিৰ অধ্যক্ষ অৰূপ কুমাৰ দাস, বিহালী আৰু বাঘমৰা মণ্ডলৰ অন্তৰ্গত ৰাজ্যিক,জিলা,মণ্ডল আৰু বুথ পৰ্যায়ৰ সকলো কাৰ্যকৰ্তাৰ লগতে জিলা পৰিষদ,গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিসকল ।
লগতে পঢ়ক: আধাৰশিলাৰ ৰাজনীতি বিজেপিয়ে বাদ দিছে : দিলীপ শইকীয়া