বিশ্বনাথ, 1 মাৰ্চঃ ১২ বছৰীয়া কিশোৰীৰ ধৰ্ষণকাণ্ডৰ লগত জড়িত ৭ নৰপিশাচক ফাঁচীৰ দাবীত সোমবাৰে বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে শতাধিক ৰাইজে । গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰজাবাৰীৰ 1 নং চকলাত 7 টাকৈ নৰপিশাচে একেখন গাঁৱৰ 12 বছৰীয়া কিশোৰী এগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ প্ৰতিবাদত ৰাজপথত ওলাই আহি শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে, দেওবাৰে ঘটনাৰ লগত জড়িত 7 জন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় গহপুৰ আৰক্ষী । উত্তেজিত ৰাইজৰ প্ৰহাৰত আহত হৈ এজন অভিযুক্ত উমেশ পাতিৰি বিশ্বনাথৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।