বিশ্বনাথ, ২ মেঃ বিশ্বনাথ জিলাৰ অন্তৰ্গত ৰতোৱা নিবাসী ইন্দেশ্বৰ বৰা ৷ ইন্দ্ৰেশ্বৰ বৰা অঞ্চলটোত সকলোৰে পৰিচিত 'পুতুকাই' নামেৰে ৷ পত্নী আৰু দুগৰাকী বিশেষভাৱে সক্ষম জীয়ৰীৰে চলাই গৈছে সংসাৰ ৷ দিন-হাজিৰা, বাঁহৰ কাঠি কামিৰে খৰাহি চালনী তৈয়াৰ কৰি যেনে-তেনে পোহ পালন দি গৈছে পৰিয়ালটোক ৷ পুতুকাই ৰতোৱা গাৱঁৰ বৰ নামঘৰত নামঘৰীয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰি থকা এজন সাধাৰণ ব্যক্তি ৷
কিন্তু দৰিদ্ৰতাই কোঙা কৰা পুতুকাইৰ জীৱনগাঁথা অতি দুখৰ ৷ বয়সৰ লগে লগে হেৰুৱাই গৈছে দৃষ্টিশক্তি ৷ পুতুকাইৰ আছে দুগৰাকীকৈ কন্যা সন্তান ৷ অতি দুখৰ বিষয় এই যে দুই গৰাকী কন্যাই স্বভাৱিক জীৱন যাপন কৰিব নোৱাৰে ৷ ডাঙৰজনী কন্যাই নোৱাৰে সাধাৰণ মানুহৰ দৰে কথা বতৰা পাতিব। জন্মগত মূকবধিৰ ডাঙৰগৰাকী কন্যাই ঘৰে-ঘৰে, দোকান আদিত ভিক্ষা খুজি পেটৰ ভোক নিবাৰণ কৰি আহিছে ৷
পিচে, চৰকাৰে বহুকেইটা দুখীয়াসকলৰ আঁচনি তৈয়াৰ কৰি আহিছে যদিও বৰ্তমানলৈকে চৰকাৰী সা-সুধিবাৰ পৰা বঞ্চিত পুতুকাইৰ পৰিয়াল ৷ বহু বছৰৰ আগতেই ইন্দিৰা আৱাস যোজনাৰ গৃহ এটি পাইছিল যদিও বৰ্তমান সেইয়াও ভগ্ন প্ৰায় অৱস্থা ৷ কোনো মন্ত্ৰী-আমোলাৰো চকুত নপৰে এওঁলোক ৷ কিন্তু পুতুকাইয়ে এই দৰিদ্ৰতাৰ মাজতো জীয়াই ৰাখিছে গুৰু জনাই দি যোৱা সংস্কৃতি আৰু আদৰ্শ ৷ বহু নামঘৰ পৰিচালনা কৰি আহিছে পুতুকাইয়ে।
লগতে পঢ়কঃ শিলচৰত মৰণোত্তৰ দেহদান 7 গৰাকীকৈ লোকৰ
ৰাইজৰ অনুৰোধ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্ত ডাঙৰীয়া লৈ পৰিয়ালটোক যেন সহায় কৰে ৷