বিশ্বনাথ,19 মাৰ্চঃ ৰাজ্যৰ একমাত্ৰ স্বাস্থ্য বিভাগে নহয় অসম তথা ভাৰতবৰ্ষৰ প্ৰায় চৰকাৰী-বেচৰকাৰী সকলো অনুষ্ঠান ব্যস্ত হৈ পৰিছে কৰ’ণা ভাইৰাছ সম্পৰ্কে সজাগতা সৃষ্টি কৰাত ৷ বৃহস্পতিবাৰৰ পৰা বিশ্বনাথত আদিবাসী উৰীয়া ছাত্ৰ সন্থাৰ সদস্য সকলেয়ো সজাগতা সৃষ্টিৰ ক্ষেত্ৰত আৰম্ভ কৰিছে অভিযান । সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নেতা পংকজ মহানন্দৰে আন আন জনগোষ্ঠীয় সংগঠনসমূহৰ সৈতে একগোট হৈ বিশ্বনাথৰ বিভিন্ন চাহ বাগিচাত উপস্থিত হৈ চাহ শ্ৰমিকসকলৰ মাজত ভাইৰাছবিধৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ চেষ্টা চলায় ৷
এছিয়াৰ দ্বিতীয় বৃহৎ চাহ বাগিচা হিচাপে পৰিচিত মোনাবাৰী চাহ বাগিচাতো দলটোৱে অনুষ্ঠিত কৰে এই সজাগতা সভা । দলটোৱে বাগিচাৰ শ্ৰমিকসকল কিদৰে পৰিষ্কাৰ হৈ থাকিব লাগে,পৰিষ্কাৰ থাকিলে কিদৰে ভয়াবহ কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা পাব পাৰি সেই বিষয়ে শ্ৰমিকসকলৰ মাজত সজাগতা সৃষ্টি কৰে ৷ লগতে শ্ৰমিকসকলৰ মাজত চাবোন আদিৰ দৰে সা-সামগ্ৰী বিতৰণ কৰি পৰিষ্কাৰ হৈ থাকিবলৈ আহ্বান জনায় ৷