বিশ্বনাথ, 7 ফেব্ৰুৱাৰী: দেওবাৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । তাকেলৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীৰ লগতে অধিকাংশ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া, প্ৰশাসনিক বিষয়াই বাহৰ পাতিছে শ্বহীদ নগৰী ঢেকীয়াজুলিত । বিজেপি নেতা কৰ্মী আৰু শোণিতপুৰৰ লগতে বিশ্বনাথ জিলা প্ৰশাসনেও চলাইছে ব্যাপক প্ৰস্তুতি ৷ কিয়নো দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে চৰাইদেউৰ লগতে বিশ্বনাথতো স্থাপন হ'বলগীয়া বিশ্বনাথ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব ঢেকীয়াজুলি জনসভাৰ পৰাই ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমে বিশ্বনাথত উপস্থিত হৈ বিশ্বনাথ মেডিকেল কলেজখনৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছিল যদিও পিছৰ পৰ্যায়ত সেই কাৰ্যসূচী বাতিল হোৱাত ঢেকীয়াজুলিৰ পৰাই আধাৰশিলা স্থাপন কৰিব মেডিকেল কলেজখনৰ । বিশ্বনাথৰ মধুপৰৰ সাপ্তাহিক বজাৰ আৰু বিশ্বনাথ মহকুমা চিকিৎসালয়ক সামৰি প্ৰায় 200 বিঘা মাটিত প্ৰস্তাৱিত এই বিশ্বনাথ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন হ'ব বুলি বিশ্বনাথ মহকুমাৰ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াই জানিবলৈ দিয়ে ।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ সভাৰ আদৰণি তোৰণত লাগিল জুই