ETV Bharat / state

বিহালী জেষ্ঠ নাগৰিক সন্মিলনৰ বিংশত্বম প্ৰতিষ্ঠা দিৱস উদযাপন - BIHALI SENIOR CITIZEN

অসমত জেষ্ঠ নাগৰিক সন্মিলন গঠনৰ প্ৰথম গৌৰৱ অৰ্জন কৰা বিহালী জেষ্ঠ নাগৰিক সন্মিলনে সম্পূৰ্ণ কৰিলে 20 টা বছৰ ৷

বিহালী জেষ্ঠ নাগৰিক সন্মিলনৰ বিংশত্বম প্ৰতিষ্ঠা দিৱস উদযাপন
author img

By

Published : Jun 20, 2019, 4:21 AM IST

বিশ্বনাথ,20 জুনঃ অসমত জেষ্ঠ নাগৰিক সন্মিলন গঠনৰ প্ৰথম গৌৰৱ অৰ্জন কৰা বিহালী জেষ্ঠ নাগৰিক সন্মিলনে সম্পূৰ্ণ কৰিলে 20 টা বছৰ ৷ বুধবাৰে বৰগাঙৰ চিলাহৰন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ভৱনত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বিংশতম প্ৰতিষ্ঠা দিৱস। সন্মিলনৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচীত পতাকা উত্তোলন কৰে বিহালী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বৈশাকু ৰয়ে । স্মৃতি তৰ্পন কৰে সন্মিলনৰ উপসভাপতি উমা পোখ্ৰেল আৰু লোহিত ভাগৱতীয়ে । ইয়াৰ পিচতে দিনৰ 11 বজাৰ পৰা বৈশাকু ৰয়ৰ সভাপতিত্বত মুল সভা অনুষ্ঠিত হয় ৷ সভাৰ আঁত ধৰে সম্পাদক অৰুণ কুমাৰ সাহাই ।

etv assam
বিহালী জেষ্ঠ নাগৰিক সন্মিলনৰ বিংশত্বম প্ৰতিষ্ঠা দিৱস উদযাপন

সভাত 2019 বৰ্ষত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৰামানুজ কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত অসমৰ ভিতৰতে পঞ্চম স্থান দখল কৰা বিশাল বৰুৱা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিহালীৰ জয়মতী হাইস্কুলৰ পৰা ডিচটিংচন সহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মনোজ উপাধ্যায়ক সম্বৰ্ধনা জনোৱা হয় ।সভাত বিশিষ্ট অতিথি ৰূপে আমন্ত্ৰণ কৰি অনা সন্মিলনৰ বিশ্বনাথ জিলা সমিতিৰ উপ-সভাপতি প্ৰতাপ গোস্বামী, জিলাৰ সহ সম্পাদক হীৰেন বৰা আৰু জিলাৰ আলোচনী সম্পাদক দীজেন ভূঞাই বৰ্তমান সমাজ ব্যৱস্থাত পথ প্ৰদৰ্শক হিচাপে জেষ্ঠ নাগৰিক সন্মিলনে পদক্ষেপ গ্ৰহন কৰা আৰু জেষ্ঠ নাগৰিক সকলৰ সন্মান আৰু সুৰক্ষাৰ বাবে কাৰ্যপন্থা গ্ৰহন কৰাৰ কথা উল্লেখ কৰি বক্তব্য প্ৰদান কৰে ।

Intro:as_biswanath_19_june_804_behali_oldmen_meeting_photo_scrpt_as10018Body:as_biswanath_19_june_804_behali_oldmen_meeting_photo_scrpt_as10018Conclusion:as_biswanath_19_june_804_behali_oldmen_meeting_photo_scrpt_as10018

বিহালী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বিংশত্বম প্ৰতিষ্ঠা দিৱস উদযাপন

অসমত জ্যেষ্ঠ নাগৰিক সন্মিলন গঠনৰ প্ৰথম গৌৰৱ অৰ্জন কৰা বিহালী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আজি বিংশত্বম প্ৰতিষ্ঠা দিৱস বৰগাঙৰ চিলাহৰন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ভৱনত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ।
বিহালীৰ সুচিন্তক প্ৰয়াত প্ৰভাত চন্দ্ৰ ৰায় ভূঞা উদ্দ্যোগত ,প্ৰয়াত ৰাজমোহন মহন্ত,প্ৰয়াত শ্যাম প্ৰসাদ শৰ্মা আৰু গুৰুচৰন কুৰ্মী এই চাৰিগৰাকীৰ আশাসুধীয়া প্ৰচেষ্ঠাত ১৯৯৮ চনত বিহালীৰ কস্তুৰবা আশ্ৰমত বিহালী বয়োজেষ্ঠ নাগৰিক সন্মিলনৰ এখন সমিতি গঠন কৰা হৈছিল ।

তাৰ পিচতে ১৯৯৯ চনৰ আজিৰ দিনটোতে সন্মিলনৰ সংবিধান প্ৰস্তুত কৰি এখন ৩৫ জনীয়া পূৰ্নাংগ সমিতি গঠন কৰা হয় ।
পৰৱৰ্তী সময়ত সংবিধান সলনি কৰি বয়োজ্যেষ্ঠ নাগৰিক সন্মিলনৰ পৰিৱৰ্তে বিহালী জ্যেষ্ঠ নাগৰিক সন্মিলন নামাকৰন কৰা হয় ।

আনহাতে ২০০৩ চনতহে গুৱাহাটীত অসম জ্যেষ্ঠ নাগৰিক সন্মিলন গঠন হয় ।
পৰৱৰ্তী সময়ত বিহালী জ্যেষ্ঠ নাগৰিক সন্মিলন অসম জ্যেষ্ঠ নাগৰিক সন্মিলনত অন্তৰ্ভুক্ত হয় ।
বিহালীত বৰ্তমান জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সদস্য সংখ্যা ২৫০ গৰাকী ।
এই গৌৰৱোজ্বল বিহালী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচীত পতাকা উত্তোলন কৰে বিহালী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বৈশাকু ৰয়ে ।

স্মৃতি তৰ্পন কৰে সন্মিলনৰ উপসভাপতি উমা পোখ্ৰেল আৰু লোহিত ভাগৱতীয়ে ।
ইয়াৰ পিচতে দিনৰ ১১ বজাৰ পৰা বৈশাকু ৰয়ৰ সভাপতিত্বত মুল সভা অনুষ্ঠিত হয় আৰু সভাৰ আঁত ধৰে সম্পাদক অৰুন কুমাৰ সাহাই ।
৮৩ বচৰ উৰ্দ্ধৰ বিহালী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ কৰুনা কান্ত মহন্তৰ বৰগীত পৰিবেশনৰে সভাৰ শুভাৰম্ভনী কৰা হয় ।
ইয়াৰ পিচতে দেশ ৰক্ষাৰ দ্বায়িত্বত মৃত্যু বৰন কৰা অসমৰ বীৰ জোৱান নিৰোদ শৰ্মা,নিৰজ চেত্রী,সুনীল কলিতা,মনেশ্বৰ বৰ্মনৰ লগতে সকলো শ্বহীদৰ প্ৰতি সন্মান জনায় মৌন প্ৰাৰ্থনা জনায় শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনোৱা হয় ।
পৰবৰ্তী কাৰ্যসূচীত কুঞ্জ হাজৰিকাৰ নেতৃত্বত স্থানীয় বৰকঠীয়াবাৰীৰ আইতী সকলে হৰি নাম পৰিবেশন কৰে ।

সভাৰ উদ্দেশ্য বাখ্যা কৰে সহ সম্পাদক দত্তদেৱ শৰ্মাই ।
আদৰনি ভাষন দিয়ে সন্মিলনৰ কাৰ্যকৰী সদস্য যাদৱ দত্তই ।
সভা উদ্বোধন কৰে সন্মিলনৰ বিশ্বনাথ জিলাৰ সম্পাদক থানুৰাম শৰ্মাই ।
ইয়াৰ পিচতে প্ৰতিষ্ঠাকালৰ ৩৫ গৰাকী সদস্যৰ ভিতৰত বৰ্তমান জীৱিত থকা ৭ গৰাকী সদস্যক ক্ৰমে ৰোহিনী মহন্ত,মোহন শইকীয়া,গুৰুচৰন কুৰ্মী,জ্বালা প্ৰসাদ সাহা,কৃষ্ণ প্ৰসাদ আচাৰ্য,যতীন হাজৰিকা আৰু ভীষ্ম কুৰ্মীক মান পত্র আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।
সম্বৰ্দ্ধিত ব্যক্তি সকলৰ ভিতৰত ৰোহিনী মহন্ত,মোহন শইকীয়া আৰু যতীন হাজৰিকাই সন্মিলন খনি প্ৰতিষ্ঠাকালৰ কাৰ্যকলাপৰ ইতিহাস সুৱঁৰি বক্তব্য প্ৰদান কৰে ।
সভাত ২০১৯ চনৰ উচ্চত্বৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৰামানুজ কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত অসমৰ ভিতৰতে পঞ্চম স্থান দখল কৰা বিশাল বৰুৱা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিহালীৰ জয়মতী হাইস্কুলৰ পৰা ডিচটিংচন সহ প্ৰথম বিভাগত উত্তীৰ্ন হোৱা মনোজ উপাধ্যায়ক সম্বৰ্ধনা জনোৱা হয় ।
ইয়াৰ পিচতে সভাত বিশিষ্ট অতিথি হিচাপে আমন্ত্রন কৰি অনা সন্মিলনৰ বিশ্বনাথ জিলা সমিতিৰ উপসভাপতি প্ৰতাপ গোস্বামী,জিলাৰ সহ সম্পাদক হীৰেন বৰা আৰু জিলাৰ আলোচনী সম্পাদক দীজেন ভূঞাই বৰ্তমান সমাজ ব্যৱস্থাত পথ প্ৰদৰ্শক হিচাপে জ্যেষ্ঠ নাগৰিক সন্মিলনে পদক্ষেপ গ্ৰহন কৰা আৰু জ্যেষ্ঠ নাগৰিক সকলৰ সন্মান আৰু সুৰক্ষাৰ বাবে কাৰ্যপন্থা গ্ৰহন কৰাৰ কথা উল্লেখ কৰি বক্তব্য প্ৰদান কৰে ।
সভাত ৰাইজৰ ফালৰ পৰা ডা০ দুৰ্গেশ্বৰ বৰাই বক্তব্য প্ৰদান কৰে আৰু ভূমিধৰ বৰাই কবিতা আবৃতি,চিকুনী শইকীয়াই স্বৰচিত কবিতা আবৃতি আৰু দিলীপ বৰাই গীত পৰিবেশন কৰে ।
সভাত
শলাগৰ শৰাই আগবঢা়ই জ্যোতিষ লহকৰে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.