ETV Bharat / state

পৰিৱৰ্তন! নিৰ্মাণৰ পিচতে বখলা-বখলকৈ এৰিল পকী পথ - etv assam

অসাৰ প্ৰতিপন্ন হ’ল গহপুৰ সমষ্টিৰ বিজেপি বিধায়ক উৎপল বৰাৰ দুৰ্নীতি বিৰোধী হুংকাৰ ৷

পৰিৱৰ্তন! নিৰ্মাণৰ পিচতে বখলা-বখলকৈ এৰিল পকী পথ
author img

By

Published : Apr 26, 2019, 9:26 PM IST

গহপুৰ, 26 এপ্ৰিলঃ সমষ্টিত পথ নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰে কোনো দুৰ্নীতি অনিয়ম সংঘটিত কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰায়ে সভা সমিতিয়ে ভাষণ দিয়া বিধায়ক উৎপল বৰাৰ ভাষণক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি সম্প্ৰতি ঠিকাদাৰে পথ নিৰ্মাণত সংঘটিত কৰিছে ব্যাপক অনিয়ম । গড়কাপ্তানি বিভাগৰ পথ মেৰামতিৰ নামত একাংশই লুন্ঠনৰাজ চলোৱা পৰিলক্ষিত হৈছে৷

আৰু পঢ়ক "বন বিভাগত ধন আত্মসাৎ"- দিলীপ নাথ

উক্ত পথটো বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ অন্তৰ্গত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশৰ অৰুণাচল বালিজানলৈ যোৱা একমাত্ৰ পথ । পথটো অধিকাংশ স্থান পুখুৰী সদৃশ হোৱাৰ ফলত বিগত 15 টা বছৰে ৰাইজে যাতায়তৰ ক্ষেত্ৰত যন্ত্ৰণা ভুগি আহিছে৷ কিন্তু ৰাইজ তথা দল সংগঠনৰ দাবীত দীপক জৈন নামৰ ঠিকাদাৰজনৰ তত্ত্বাৱধানত পথটো মেৰামতি হয় যদিও মেৰামতিৰ নামত ঠিকাদাৰ আৰু অভিযন্তাই লুন্ঠনৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷

আনহাতে উপৰোক্ত ভিডিঅ'ই লুন্ঠনৰ জীয়া ছবি প্ৰকাশ কৰে ৷ স্থানীয় ৰাইজে হাতেৰেই পথৰ ব্লেক টপিং এৰোৱাই প্ৰতিবাদ সাব্যস্ত কৰি পথ চোৱা সঠিক ভাৱে নিৰ্মাণ কৰিবলৈ দাবী জনাই । পথটো নিৰ্মাণত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বিষয়ে স্থানীয় ৰাইজে জিলা প্ৰশাসনক অৱগত কৰে যদিও প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.