বিশ্বনাথ, 19 মে': গহপুৰৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থী এৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিছে দুজন সহৃদয় লোক ৷
ধৈৰ্য, একাগ্ৰতা, প্ৰবল ইচ্ছা শক্তি আৰু আত্মবিশ্বাস থাকিলে যে সফলতা সহজে লাভ কৰিব পাৰি তাকেই প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছে জোণ্টী শইকীয়া নামৰ শিক্ষাৰ্থীগৰাকীক। কঠোৰ সংগ্ৰাম আৰু দৰিদ্ৰতাক জয় কৰি ৰুগীয়া পিত-মাতৃক পৰিচৰ্যা কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 87.83 শতাংশ নম্বৰ লাভ কৰিছে ৷
মেধাৱী শিক্ষাৰ্থীগৰাকীক আৰ্থিকভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিল ককিলা নাহৰণিৰ যুৱক জি আৰ এছ পূৱ কলাবাৰীৰ কৰ্মচাৰী দেৱজিৎ বৰা আৰু উত্তৰ কলাবাৰী জি আৰ এছৰ কৰ্মচাৰী মৃদুল বৰা । দেওবাৰে বিয়লি দুয়োগৰাকী যুৱকে জোণ্টী শইকীয়াৰ বাসগৃহত উপস্থিত হৈ আৰ্থিক সাহায্য আগবঢ়ায়। ইয়াৰ লগতে গহপুৰ সমবায় মাৰ্কেটিং প্ৰেক্ষাগৃহত দেওবাৰে সমাজ সেৱক বিপুল গাংগুলীয়ে আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ৫ গৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে জোণ্টী শইকীয়া,বিক্ৰম হাজৰিকা,মানসজ্যেতি গগৈ,প্ৰিজম মেধি আৰু জোন ৰাজগড়ক আৰ্থিক সাহায্য প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে ।