বিশ্বনাথ, ২৮ জুলাই : ২৯ জুলাইত বিশ্বজুৰি উদযাপন কৰিব লগা "গ্লবেল টাইগাৰ ডে" উপলক্ষে বন্য জীৱ জন্তুৰ বেহাৰ বিৰুদ্ধে কাম কৰা ট্ৰাফিক নামৰ আন্তৰাষ্ট্ৰীয় এন জি অ’ই দেশৰ তিনিটাকৈ স্নিফাৰ ড'গলৈ "চুপাৰ স্নিফাৰ ড'গ" ৰাষ্টীয় সন্মান আগবঢ়াইছে । অসমৰ স্নীফাৰ ড'গ কোৱাৰ্মীলৈও আগবঢ়োৱা হৈছে এই বিশেষ বঁটা । বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাৰ অধীনত থকা দুই বছৰ আঠমহীয়া কোৱাৰ্মীক ২০১৭ চনত গোৱালীয়েৰৰ বি এচ এফ একাডেমীত দিয়া হৈছিল প্ৰশিক্ষণ য'ত উপস্থিত আছিল কোৱাৰ্মীৰ নিয়ন্ত্ৰক দুই অসমীয়া যুৱক লক্ষ্মী নন্দন বৰুৱা আৰু জনচন টেৰণ । প্ৰশিক্ষণৰ পিছত বিগত দুটা বছৰত উত্তৰ অসমত সংঘটিত হোৱা বহুকেইটা বন্যপ্ৰাণী হত্যা অপৰাধ সম্পৰ্কীয় ঘটনাৰ তথ্যপাতি সংগ্ৰহৰ ক্ষেত্ৰত অনুসন্ধান সংস্থা সমূহক কোৱাৰ্মীয়ে সহায় কৰাৰ উপৰিও কোৱাৰ্মীৰ জৰিয়তে লাভ কৰা তথ্যৰ দ্বাৰা জালত পৰিছে বহু কেইটা অপৰাধী ৷ ইয়াৰে ভিতৰত গঁড় হত্যা আৰু বাঘ হত্যা কৰি নখ, ছাল বিক্ৰীৰ দৰে ঘটনাই অধিক ।
উল্লেখযোগ্য যে, দেশত বন্যপ্ৰাণী হত্যা তথা অংগৰ চোৰাং বেহা ৰোধ কৰাৰ বাবে WWF ৰ সহযোগত আন্তৰাষ্ট্ৰীয় এন জি অ ট্ৰাফিকে ২০০৮ চনৰ পৰাই স্নিফাৰ ড'গৰ প্ৰশিক্ষণৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে আৰু তেতিয়াৰে পৰা ৬৬ টা স্নিফাৰ ড'গ স্কোৱাডত প্ৰশিক্ষণ দি ভাৰতবৰ্ষৰ মুঠ ১৯ খন ৰাজ্যত নিযুক্ত কৰিছে ৷ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত থকা কোৱাৰ্মীৰ এই সফলতাক লৈ এতিয়া আনন্দিত হৈ পৰিছে সংমণ্ডলটোৰ বনকৰ্মী সকল ৷