ETV Bharat / state

বৰপেটাত বোৱাৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য

বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খংৰাত বোৱাৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য । স্বামীয়ে হত্যা কৰাৰ অভিযোগ মৃতকৰ পৰিয়ালৰ ।

author img

By

Published : Jan 15, 2020, 12:25 AM IST

women died in barpeta district
বৰপেটা জিলাত এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য

বৰপেটা , 14 জানুৱাৰী : বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খংৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । স্বামীয়ে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ মৃতকৰ পৰিয়ালৰ । মৃত মহিলাগৰাকীৰ নাম আঞ্জুৱাৰা বেগম ।

সোমবাৰে নিশা নিজ বাসগৃহত গৰুৰ দৰখৰে চিপ লোৱা বুলি স্বামী ইকৰাম আলীয়ে জানিবলৈ দিয়ে । নিশাই স্বামীয়ে মৃতদেহ নমাই থোৱাত সৃষ্টি হৈছে ৰহস্যৰ । প্ৰায় দহ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল আঞ্জুৱাৰা বেগম । বিয়াৰ পিছৰে পৰা স্বামী ইকৰাম আলীয়ে যৌতুকজনিত কাৰণত অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মৃতকৰ পৰিয়ালৰ ।

উল্লেখ্য যে, সোমবাৰেও ইকৰাম আলীয়ে পত্নীক অত্যাচাৰ কৰাৰ অভিযোগ উঠিছে । মৃতকৰ শৰীৰত স্পষ্ট হৈ আছে আঘাতৰ চিন । ইতিমধ্যে ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । সোধাপোচাৰ বাবে স্বামী ইকৰাম আলীক আৰক্ষীয়ে আটক কৰিছে । আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হৈ পৰিব এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড । আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰউদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰিছে ।

আৰু পঢ়ক : বৰপেটাৰ এখন বিদ্যালয়ত শিক্ষকৰ মইমতালি!

Intro:
বৰপেটা ১৪ জানুৱাৰী: বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খংৰাত চাঞ্চল্যকৰ ঘটনা । এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্য । স্বামীয়ে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ স্থানীয় লোক তথা মৃতকৰ পৰিয়ালৰ । মৃত মহিলাগৰাকীৰ নাম আঞ্জুৱাৰা বেগম (27)।Body:যোৱা নিশা নিজ বাসগৃহত গৰুৰ দৰখেৰে চিপ লোৱা বুলি স্বামী ইকৰাম আলীয়ে জানিবলৈ দিয়ে।নিশাই স্বামীয়ে মৃতদেহ নমাই থোৱাত ৰহস্যৰ সৃষ্টি হৈছে। প্ৰায় দহ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল আঞ্জুৱাৰা বেগম।বিয়াৰ পিছৰে পৰা স্বামী ইকৰাম আলীয়ে যৌতুকজনিত কাৰণত অত্যাচাৰ কৰাৰ অভিযোগ মৃতকৰ পৰিয়ালৰ । কালিও ইকৰাম আলীয়ে পত্নীক অত্যাচাৰ কৰাৰ অভিযোগ উঠিছে। মৃতকৰ শৰীৰত অত্যাচাৰৰ চিন স্পষ্ট হৈ আছে। ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।ইতিমধ্যে সোধাপোচাৰ বাবে স্বামী ইকৰাম আলীক আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হৈ পৰিব এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড।আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰউদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰে।

Conclusion:বাইট: মৃতকৰ খুড়া

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.