বৰপেটা, 2 অক্টোবৰ : আলু পিয়াঁজৰ ব্যাপক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জ্বলাকলা দেখুওৱাৰ সময়তে যোগান বিভাগৰ জিলা পৰ্যায়ৰ একাংশ বিষয়াই মূল্য নিয়ন্ত্ৰণক লৈ আৰম্ভ কৰিছে বজাৰ পৰিদৰ্শনৰ ভাওনা ৷ একাংশ বিষয়াই বৰপেটা জিলাৰ বিভিন্ন বজাৰ পৰিদৰ্শন কৰি আলু-পিয়াঁজৰ মূল্য সম্পৰ্কে বুজ লয় ৷ বৰপেটাৰ জিলা উপায়ুক্তই প্ৰতিকিলো আলু আৰু পিয়াঁজৰ খুচুৰা মূল্য ক্ৰমে 13 টকা আৰু 55 টকা নিৰ্ধাৰন কৰি দিছে ৷ পিছে জিলা প্ৰশাসনৰ এই বজাৰ মূল্যক লৈ অসন্তুষ্ট খুচুৰা ব্যৱসায়ীসকল ৷
বৰপেটা ৰোডত প্ৰতি কুইন্টল আলুৰ পাইকাৰী মূল্য 1100 টকা হোৱাৰ বিপৰীতে পিয়াঁজৰ প্ৰতি কুইন্টলৰ মূল্য 4700 টকা হৈছেগৈ ৷ তাৰপাছতো তেওঁলোকৰ কোনো লাভ নাথাকে বুলি ব্যৱসায়ীসকলে মন্তব্য কৰিছে ৷ বৰপেটাৰ একাংশ ব্যৱসায়ীয়ে দাবী কৰা অনুসৰি, জিলা প্ৰশাসনে বান্ধি দিয়া মূল্যত তেওঁলোকে আলু-পিয়াঁজ বিক্ৰী কৰিব নোৱাৰে ৷ ইয়াৰ বাবে ব্যৱসায়ীসকলে উৎসতে মূল্য নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনায় ৷