বৰপেটা,২০ এপ্ৰিল: ৰাজ্যৰ আন জিলাসমূহৰ দৰে বৰপেটাতো কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে । কেৱল সোমবাৰৰ দিনটোতে জিলাখনত নতুনকৈ আক্ৰান্ত হৈছে ৪৪ গৰাকী লোক । বৰপেটা চহৰত মঙলবাৰৰ দিনটোত পুনৰ দুগৰাকী লোকৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ যাওঁতে অচ্যুত ওজা আৰু পত্নীৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । জানিব পৰা মতে দুয়ো পতি-পত্নী কেইদিনমানৰ পৰা জ্বৰত আক্ৰান্ত আছিল । অচ্যুত ওজা বৰপেটাৰ এম চি কলেজৰ কৰ্মচাৰী ৷ দুয়োগৰাকীক ঘৰতে আইছ'লেছনত ৰখা হৈছে ।
ইফালে কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে বৰপেটা সত্ৰৰ দালানৰ সন্মুখত ৭ বহাগত অনুষ্ঠিত হ'বলগীয়া থিয়নামৰ ক্ষেত্ৰত বৰপেটাৰ মুঠ ২২ খন হাটীৰ ভড়ালী আৰু মজুমদাৰ সকলে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এইবাৰ থিয়নামৰ কাৰ্যসূচী অনুষ্টুপীয়াকৈ পালন কৰা হ'ব ৷ তিনিওটা থুলৰ সীমিত সংখ্যক ভকতৰ দ্বাৰা দালানৰ সন্মুখভাগত মাত্ৰ এটা থিয়নাম পৰিৱেশন কৰি সমাপ্ত কৰা হ'ব ৷ আনহাতে থান বন্দনী ঘোষাৰে মঠৰ চোতালতে সামৰণি ঘোষা গাই বহাগৰ দোমাহীৰ নামৰ পৰম্পৰা ৰক্ষা কৰা হ'ব ৷ সকলো ভকতে মাস্ক পৰিধান কৰি , সামাজিক দূৰত্ব বজাই ৰাখি নামত অংশ ল'ব ৷
উল্লেখ্য যে, বিগত বছৰত কৰ'ণাৰ বাবে সত্ৰৰ তলা বন্ধ থকাত সাত ব'হাগৰ থিয়নাম বাতিল কৰি কেৱল তিনিওটা থুলৰ নামখলাত বন্তি জ্বলাই থান বন্দনী ঘোষাৰে মাত্ৰ ১২ জনমান ভকতে মঠৰ চোতালত সামৰণি ঘোষা গাই পৰম্পৰা ৰক্ষা কৰিছিল ৷
লগতে পঢ়ক: আৰ্থিক সহায়ৰ আহ্বান ৰুগীয়া আব্দুলৰ