ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 বাতৰি - top 10 at 3pm

3 বজাৰ শীৰ্ষ 10 বাতৰি

top 10 at 3pm
3 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Nov 7, 2021, 3:02 PM IST

নাহৰকটীয়া চক্ৰ বিষয়াৰ বাহনে মহতিয়ালে মাতৃ-পুত্ৰক

শুকুৰবাৰে ডিব্ৰুগড়ৰ বকুলত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ নাহৰকটীয়া চক্ৰ বিষয়াৰ বাহনে মহতিয়াই নিয়ে মাতৃ পুত্ৰক ৷

দীপাৱলীত মহানগৰীৰ বিভিন্ন স্থানত অগ্নিকাণ্ড সংঘটিত

দীপাৱলীৰ সময়ত মহানগৰীৰ বিভিন্ন স্থানত অগ্নিকাণ্ড সংঘটিত হয় ৷ কেইবাটাও অগ্নিকাণ্ড ফটকা, মাটিৰ চাকি, বৈদ্যুতিক বিজুতিৰ পৰা সংঘটিত হোৱাৰ উপৰিও বহুকেইটা অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই বুলি অগ্নি নিৰ্বাপক বাহিনীৰ সূত্ৰই প্ৰকাশ কৰে ৷

সৃষ্টিৰ পদক্ষেপ : মানাহ অভয়াৰণ্যলৈ প্ৰেৰণ দীপাৱলীত ব্যৱহৃত কলগছ

বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা সৃষ্টিৰ প্ৰশংসনীয় কাৰ্য । পোহৰৰ উৎসৱ দীপাৱলীত ব্যৱহাৰ হোৱা কলগছ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ ৷ বন্যহস্তীক খাদ্য় যোগান ধৰাৰ প্ৰয়াসেৰে এই পদক্ষেপ গ্ৰহণ সংস্থাটোৰ ।

লামডিং বনাঞ্চলত উচ্ছেদৰ পূৰ্বে একাংশই এৰিছে ঘৰ-বাৰী

8 আৰু 9 নৱেম্বৰত লামডিং বনাঞ্চলত প্ৰশাসনৰ তৰফৰ পৰা চলোৱা হ’ব উচ্ছেদ অভিযান ৷ উচ্ছেদৰ পূৰ্বেই নিজ নিজ ঘৰ এৰি শিবিৰলৈ ঢাপলি মেলিছে অঞ্চলটোত বাস কৰা পৰিয়ালসমূহে ৷

ওপজা দিনত ভাৰতীয় বিজ্ঞানী চি ভি ৰমনলৈ শ্ৰদ্ধাঞ্জলি

আজি ভাৰতীয় বিজ্ঞানী চি ভি ৰমনৰ জন্মদিন ৷ ৰমন নবেল বঁটা লাভ কৰা প্ৰথমগৰাকীৰ ভাৰতীয় বিজ্ঞানী আছিল ৷

নলবাৰীৰ মাজমজিয়াত চোৰৰ টিঘিলঘিলনি : আৰক্ষীক দেখি পলায়ন

নলবাৰীৰ মাজমজিয়াত চোৰৰ উপদ্ৰৱ ৷ চহৰখনৰ হৰিমন্দিৰৰ সমীপত থকা এটা SBI ৰ এটিএমত শনিবাৰে নিশা চোৰে লুটপাত চলোৱাৰ পৰিকল্পনা কৰে ৷ কিন্তু উক্ত কাৰ্য সংঘটিত কৰাৰ সময়তেই ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হোৱাত পলায়ন কৰে চোৰৰ পাঁচজনীয়া চোৰৰ দলটোৱে ৷ এখন বিলাসী বাহন লৈ অহা চোৰৰ দলটোক কৰায়ত্ত কৰাত ব্যৰ্থ হয় আৰক্ষীৰ তহলদাৰী দলটো ৷ ঘটনাস্থলীত চোৰে ৰদ, গেছ পাইপ আদিৰ লগতে এটা গেছ চিলিণ্ডাৰ এৰি থৈ যায় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে ৷

ত্ৰিপুৰাত ৰাইজৰ প্ৰহাৰত মৃত্যু বাংলাদেশৰ যুৱকৰ

ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । ইয়াৰ মাজতে ত্ৰিপুৰাৰ সীমান্তৱৰ্তী এখন গাঁৱত গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত এজনক যুৱকৰ মৃত্যু । গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ প্ৰহাৰত প্ৰাণ গ'ল বাংলাদেশৰ যুৱকজনৰ ।

টুইটাৰ কৰ্তৃপক্ষলৈ কিহৰ পত্ৰ পঠিয়ালে ত্ৰিপুৰা আৰক্ষীয়ে ?

সম্প্ৰতি ত্ৰিপুৰাত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ উৰা বাতৰি প্ৰচাৰ হৈ আছে । সাম্প্ৰদায়িক মন্তব্যৰে একাংশ লোকে ধৰ্মীয় সংঘাত সৃষ্টি কৰিব বিচাৰিছে । যাৰ বাবে ত্ৰিপুৰা আৰক্ষীয়ে লৈছে কঠোৰ পদক্ষেপ । টুইটাৰ কৰ্তৃপক্ষলৈ বিশেষ পত্ৰ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।

গুজৰাটত ভয়ংকৰ অগ্নিকাণ্ড : ২৫ খনকৈ বাহন ভস্মীভূত

ৰাজ্যখনৰ খেদা টাউন আৰক্ষী থানাৰ চৌহদত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হয় একাধিক বাহনত । ৰাসায়নিক পদাৰ্থৰে ভৰ্তি কিছুমান বাহনত প্ৰথমে জুইৰ সূত্ৰপাত হোৱাৰ আশংকা ।

বোকাখাতৰ সীমান্ত হাজৰিকা হত্যাকাণ্ড : ১৬ জনক জেললৈ প্ৰেৰণ

দীপাৱলীৰ নিশা বোকাখাতত এগৰাকী ব্যৱসায়ীৰ হত্যাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ঘটনা সন্দৰ্ভত ১৬ জন লোকক কৰায়ত্ত কৰে আৰক্ষীয়ে । এতিয়াও কিন্তু সীমান্ত হাজৰিকাৰ হত্যাকাৰী কোন পোহৰলৈ অহা নাই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.