ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি - পুৱাই মাজুলীত উপস্থিত SI জোনমণি ৰাভা

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jun 2, 2022, 11:01 AM IST

কাশ্মীৰত বিস্ফোৰণ: তিনিগৰাকী সেনা জোৱান আহত

কাশ্মীৰৰ শ্বপিয়ানত চাঞ্চল্যকৰ ঘটনা । এখন ব্যক্তিগত বাহনত সংঘটিত বিস্ফোৰণত গুৰুতৰভাৱে আহত তিনিগৰাকী সেনা জোৱান আহত(Blast in Shopian)। আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ।

প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছো: হাৰ্দিক পেটেল

প্ৰায় তিনি বছৰ কংগ্ৰেছ দলৰ হৈ সেৱা আগবঢ়োৱাৰ পাছতে বিজেপিত দলত যোগদান কৰিব হাৰ্দিক পেটেলে (Hardik Patel to join BJP)। পাতিদাৰ সম্প্ৰদায়ৰ হৈ কৰা আন্দোলনৰ বাবে দেশজুৰি চৰ্চিত হৈ আহিছে হাৰ্দিক পেটেল । এইবাৰ বিজেপিত যোগদান কৰি দেশ আৰু ৰাইজৰ স্বাৰ্থত কাম কৰিব বিচাৰে হাৰ্দিক পেটেলে ।

চালকৰ অতপালিত বিলাসীপাৰা আৰু বঙাইগাঁৱত প্ৰাণ হেৰুৱালে পথচাৰীয়ে

বুধবাৰে নিশা পশ্চিম বিলাসীপাৰা আৰু বঙাইগাঁৱত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা (Road accident at Bilasipara and Bongaigaon) ৷ ৰাজ্যৰ দুটা ভিন্ন স্থানত সংঘটিত হোৱা এই দুৰ্ঘটনাত মৃত্যু হয় দুজন ব্যক্তিৰ ৷

মহাবিদ্যালয়ৰ চৌহদত প্ৰবক্তাই কৰিলে সুৰাপান: প্ৰতিবাদত উত্তাল মহাবিদ্যালয়

গোৱালপাৰা মহাবিদ্যালয় চৌহদত প্ৰবক্তাৰ সুৰাপানৰ অভিযোগ। সুৰাপান কৰাক কেন্দ্ৰ কৰি মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী প্ৰতিবাদ (Tense situation at Goalpara College) । অধ্যক্ষৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে মহাবিদ্যালয় গোটৰ সম্পাদক ছামিম আখতাৰে । আনহাতে সম্পাদকৰ বিৰুদ্ধেও প্ৰতি অভিযোগ অধ্যক্ষগৰাকীৰ ।

ত্ৰিপুৰাত BJP সমৰ্থিত প্ৰাৰ্থীয়ে CPI(M)ৰ প্ৰাৰ্থীক প্ৰহাৰ কৰাৰ অভিযোগ

বুধবাৰে হঠাৎ উত্তপ্ত হৈ পৰিল ত্ৰিপুৰা (Tense situation in Tripura) ৷ বিজেপি সমৰ্থিত একাংশ প্ৰাৰ্থীয়ে চিপিআই(এম)ৰ প্ৰাৰ্থীক প্ৰহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পাচতে ত্ৰিপুৰাৰ কমলপুৰত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷

পুৱাই মাজুলীত উপস্থিত SI জোনমণি ৰাভা

মাজুলীৰ গড়মূৰ থানাত বৃহস্পতিবাৰে পুৱা মাতৃৰ সৈতে প্ৰত্যক্ষ কৰা হয় SI জোনমণি ৰাভা । গড়মূৰ থানাই আজি সোধাপোচাৰ বাবে তলব কৰিছিল জোনমণি ৰাভাক । ৰাভাৰ বিৰুদ্ধে হ’বলগীয়া স্বামী ৰাণা পগাগ সৈতে মিলি প্ৰৱঞ্ছনা কৰাৰ অভিযোগ তুলিছিল কেইবাগৰাকীও ভুক্তভোগীকেইগৰাকীয়ে ।

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত মুকলি 11 টাকৈ বহিঃবিভাগ‌ সেৱা

ধুবুৰী অসামৰিক চিকিৎসালয়ৰ এতিয়াৰে পৰা পৰিচিত হ’ব ধুবুৰী ধুবুৰী মেডিকেল কলেজ‌ নামেৰে । বুধবাৰৰ পৰা আৰম্ভ হ’ল ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগ সেৱা । 11 টা বিভাগৰ বহিঃবিভাগ সেৱা উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (11 outpatient services inaugurate at Dhubri Medical College) ।

অসমত খিলঞ্জীয়া মুছলমানৰ সংজ্ঞা নিৰূপণ কৰা‌ হ’ব: মুখ্যমন্ত্ৰী

খিলঞ্জীয়া মুছলমান আৰু প্ৰব্ৰজিত মুছলমান এই দুই সংজ্ঞাৰে মুছলমানৰ দুই ধৰণৰ সংজ্ঞা নিৰূপণ কৰা হ'ব (Definition of Muslim people in Assam)। ৰাজ্যত মাদ্ৰাছা সম্পূৰ্ণ বিলুপ্ত কৰা হ'ব আৰু কোনোবাই কোৰাণৰ চৰ্চা কৰিব বিচাৰিলে ঘৰত গৈ কৰিব পাৰিব ৷ বুধবাৰে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Gunotsav 2022: টীয়কৰ প্ৰাথমিক বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

ৰাজ্যৰ ভিন্ন প্ৰান্তত বুধবাৰৰ পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav in Assam 2022) । সমান্তৰালকৈ প্ৰতিকূল বতৰকো নেওচি যোৰহাট জিলাতো অনুষ্ঠিত কৰা হ'ল তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৷ টীয়কৰ বৰুৱা গাঁও প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে শিক্ষক, কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ ব্যস্ততা ৷

ৰাহুল গান্ধীক মহাত্মা গান্ধী নহয় বুলি কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাহুল গান্ধীয়ে ক’ৰ পৰা টুইট(Rahul Gandhi tweet) কৰে সেয়া ৰাইজক অৱগত কৰাবলৈ আহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাই ৷ যিহেতু ৰাহুল গান্ধী মহাত্মা গান্ধী নহয়, সেয়ে টুইটাৰত বাণী বিলাবলৈও মানা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma criticises Rahul Gandhi৷) ৷ কেৱল ইমানেই নহয়, উত্তৰ-পূৱক দিল্লীয়ে মাহী আইৰ দৃষ্টিৰে চোৱাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.