ETV Bharat / state

মাত্ৰ 100 টকাতে লাভ কৰিব 45 লাখটকীয়া বিলাসী বাহন !

author img

By

Published : Oct 4, 2022, 9:47 AM IST

ভাগ্য ভাল হ’লে মাত্ৰ 100 টকাতে লাভ কৰিব পাৰিব প্ৰায় 45 লাখ টকা পৰ্যন্ত বিলাসী বাহন ৷ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বৰপেটাৰ হাউলী ৰাস মহোৎসৱত(Howly Raas Mahotsav) আয়োজন কৰা হৈছে উপহাৰ কুপনৰ খেল ৷

মাত্ৰ 100 টকাতে লাভ কৰিব 45 লাখটকীয়া বাহন !

বৰপেটা, ৩ অক্টোবৰ: মাত্ৰ ১০০ টকাত ৪৫ লাখ টকীয়া বিলাসী বাহন ! ১০০ টকাত আপুনি লাভ কৰিব বিলাসী বাহন AUDI A4. আচৰিত যেন লাগিলেও এয়াই সঁচা । বৰপেটা জিলাৰ হাউলী ৰাস মহোৎসৱত(Howly Raas Mahotsav) আপুনি লাভ কৰিব এই AUDI A4.

৯৫ সংখ্যক হাউলী ৰাস মহোৎসৱত আয়োজন কৰা উপহাৰ কুপনৰ প্ৰথম পুৰস্কাৰ এয়া । প্ৰতি বছৰৰ দৰে এইবেলিও হাউলী ৰাস মহোৎসৱৰ বহুমূখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহায্যাৰ্থে আয়োজন কৰা বহুচৰ্চিত উপহাৰ কুপনৰ খেল অনুষ্ঠিত হ’ব ।

এইবেলি উপহাৰ কুপন খেল পৰিচালনা সমিতিয়ে উপহাৰ হিচাবে আগবঢাইছে ২১ খনকৈ চাৰিচকীয়া বাহন । প্ৰথম পুৰস্কাৰ AUDI 4, দ্বিতীয় পুৰস্কাৰ MG HECTOR, তৃতীয় পুৰস্কাৰ টাটা হেৰিয়াৰ, চতুৰ্থ পুৰস্কাৰ হিচাবে আগবঢাইছে মহিন্দ্ৰা থাৰ (Prize of Howly Raas Mahotsav lottery) ।

ইয়াৰ উপৰিও আৰু বহুকেইখন আকৰ্ষণীয় বাহন উপহাৰ হিচাবে আগবঢোৱা হৈছে । সোমবাৰে হাউলী চহৰত প্ৰথমটো টিকট কাউন্টাৰ মুকলি হোৱাৰ পিছতে টিকট ক্ৰয় কৰিবলৈ ৰাইজৰ হেতাওপৰা লগা পৰিলক্ষিত হৈছে (Ticket of Howly Raas Mahotsav lottery)।

আনকি বহু দূৰ দূৰণিৰ পৰাও ৰাইজে টিকট ক্ৰয় কৰিবলৈ ভিৰ কৰিছে কাউন্টাৰত। এই উপহাৰ কুপনৰ খেল অনুষ্ঠিত হ’ব হাউলী ৰাস মহোৎসৱৰ শেষৰ দিনটোত অৰ্থ্যাৎ ২১ নৱেম্বৰত ।

লগতে পঢ়ক: অসুৰৰ স্থানত মহাত্মা গান্ধী: হিন্দু মহাসভাৰ বিৰুদ্ধে বহুকেইটা ৰাজনৈতিক দলৰ এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.