ETV Bharat / state

ভূত বাংলাত পৰিণত সৰু হৰিদ পানী যোগান আঁচনি

author img

By

Published : Apr 19, 2021, 7:27 PM IST

পৰিত্যক্ত অৱস্থাত সৰু হৰিদ পানী যোগান আঁচনি । বৰপেটা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত সৰু হৰিদ পানী যোগান আঁচনিৰ নামত চৰকাৰী ধন অপচয়ৰ অভিযোগ ৷

ভূতবাংলাত পৰিণত সৰু হৰিদ পানী যোগান আঁচনি
ভূত বাংলাত পৰিণত সৰু হৰিদ পানী যোগান আঁচনি

জনীয়া,19 এপ্ৰিল: ভূত বাংলাত পৰিণত বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত সৰু হৰিদ পানী যোগান আঁচনি ৷ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল এই আঁচনিখন ৷ নিৰ্মাণৰ পাছৰ পৰাই বিকল হৈ পৰি আছে কোটিটকীয়া পানী যোগান আঁচনিখন ৷

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, প্ৰায় 10 বছৰৰ পূৰ্বেই নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছিল এই পানী যোগান আঁচনিৰ ৷ পুনৰ এই আঁচনিখনৰ অন্তৰ্গত অঞ্চলসমূহত পানীৰ পাইপ ঘৰে ঘৰে সংস্থাপন কৰে বিভাগীয় কৰ্তৃপক্ষই ৷ কিন্তু পানীৰ পাইপ ঘৰে ঘৰে সংস্থাপন কৰাৰ পাচতো পানী নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, গাঁৱখনত ব্যয়বহুল পানী যোগান আঁচনি বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকাৰ ফলত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷ আনহাতে বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে এই আঁচনিখনৰ জৰিয়তে পানী যোগান ধৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷ অন্যথা বৃহত্তৰ এক অঞ্চলৰ ৰাইজে বঞ্চিত হ’ব বিশুদ্ধ খোৱাপানী লাভৰ পৰা ৷

লগতে পঢ়ক: অৱশেষত নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল "ছেবা"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.