ETV Bharat / state

শোণিতপুৰত কৰ’ণাত আক্ৰান্ত হৈ সোমবাৰে 6 জনৰ মৃত্যু

সোমবাৰে শোণিতপুৰত কৰ’ণাত আক্ৰান্ত হৈ 6 গৰাকী ব্যক্তিৰ মৃত্যুৰ ঘটাৰ লগতে নতুনকৈ আক্ৰান্ত হৈছে 245 গৰাকী লোক ৷ সম্প্ৰতি জিলাখনত আক্ৰান্তৰ সংখ্যা হৈছে 1,812 গৰাকী লোক ৷

author img

By

Published : May 18, 2021, 10:02 AM IST

SIX COVID PATIENT DIED IN SANITPUR DISTRICT DUE TO COVID
শোণিতপুৰ জিলাত কৰ’ণাত আক্ৰান্ত হৈ সোমবাৰে 6 জনৰ মৃত্যু

তেজপুৰ,18 মে': শোণিতপুৰ জিলাত সোমবাৰৰ দিনটোত 6 গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় । ইয়াৰে 5 গৰাকী তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰু এগৰাকীৰ জিএনআৰচিত মৃত্যু হয় ৷ জিলাখনত ক’ভিড আক্ৰান্তৰ মৃত্যুৱে ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ জিলাখনত বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা 43 গৰাকীলৈ বৃদ্ধি পালে ।

উল্লেখযোগ্য যে, কৰ’ণাত আক্ৰান্ত হৈ সোমবাৰে নিহত হোৱা লোককেইজন হ'ল- গাভৰু শিৱ মন্দিৰৰ বীৰেশ্বৰ ৰাভা(40), বৰঘাট খলিহামাৰীৰ অধীৰ সূত্ৰধাৰ(62), মিঠা আম ঢেকীয়াজুলিৰ প্ৰদীপ শনকীয়া (65), ৰঙাপৰাৰ অনিল কুমাৰ ঝা(45) আৰু বৰ্তমানলৈকে এজনৰ তথ্য লাভ কৰা নাই ৷

SIX COVID PATIENT DIED IN SANITPUR DISTRICT DUE TO COVID
শোণিতপুৰত কৰ’ণাত আক্ৰান্ত হৈ সোমবাৰে 6 জনৰ মৃত্যু

সোমবাৰৰ দিনটোলৈ জিলাখনত মুঠ 1,812 গৰাকী কৰ’ণাত আক্ৰান্ত হোম আইচ'লেচন তথা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে দিনটোত নতুনকৈ 245 গৰাকী লোক আক্ৰান্ত হৈছে ৷

লগতে পঢ়ক: ধুবুৰীত ১৯৪৪ জনলৈ বৃদ্ধি কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.