বৰপেটা,১৫ ফেব্ৰুৱাৰীঃ কংগ্ৰেছ হাইকমাণ্ডে অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ হিচাপে চলমান খানক নিযুক্তি প্ৰদানৰ পিচত শনিবাৰে নেতাগৰাকী বৰপেটাত উপস্থিত হয় ৷ সংখ্যালঘু বিভাগৰ নৱনিৰ্বাচিত অধ্যক্ষগৰাকীক মটৰ চাইকেল আৰু চাৰিচকীয়া বাহনেৰে ৰেলীৰ জৰিয়তে হাউলীৰ পৰা আদৰি আনে কংগ্ৰেছকৰ্মীসকলে ৷ হাউলীৰ পৰা আহি বৰপেটা জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত উপস্থিত হোৱা নেতাগৰাকীক কংগ্ৰেছ নেতা-কৰ্মীসকলে ফুলৰ মালা, গামোচা আদিৰে সম্বৰ্ধনা জনায় ৷
আনহাতে,ৰাজীৱ ভৱনত অনুষ্ঠিত এক সম্বৰ্ধনা সভাতো অংশ লয় নৱনিৰ্বাচিত অধ্যক্ষ খানে ৷ দলীয় কৰ্মীসকলৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি কংগ্ৰেছ কৰ্মীসকলক '২১ৰ নিৰ্বাচনলৈ সাজু হ’বলৈ আহ্বান জনায় চলমান খানে ৷ সাম্প্ৰদায়িক ৰাজনীতিত অভ্যস্ত বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত অসমত এখন ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন কৰিব লাগিব বুলি দাবী জনায় কংগ্ৰেছ নেতাগৰাকীয়ে ৷
লগতে চাওকঃমা কামাখ্যা ধামত বলীউড তাৰকাৰ সমাহাৰ