ETV Bharat / state

কলগাছিয়াৰ ১০০ টা পৰিয়ালৰ ভেটি-মাটি উছন

author img

By

Published : Sep 10, 2022, 12:43 PM IST

সংকটত কলগাছিয়াৰ বলাইপাথাৰ গাঁও । খহনীয়াৰ কৱলত পৰি ঘৰ-মাটি এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে বহু পৰিয়ালে (Erosion in Barpeta)। নৈৰ বুকুত জাহ গৈছে শ শ লোকৰ ঘৰ, খেতি পথাৰ, ৰাজহুৱা সম্পত্তি । খহনীয়া প্ৰতিৰোধত ব্যৰ্থ চৰকাৰ ।

Erosion in Kalgachia
কলগাছিয়াৰ ১০০ টা পৰিয়ালৰ ভেটি মাটি উছন

জনীয়া,১০ ছেপ্টেম্বৰ : বৰপেটাত বেকী নৈৰ খহনীয়া অব্যাহত আছে । এইবাৰ পুনৰ কালৰূপ লৈছে বেকী নৈয়ে । বিগত এসপ্তাহত প্ৰায় ১০০ টা পৰিয়াল গৰাখহনীয়াৰ কৱলত পৰিছে (Erosion problem in Kalgachia)। যাৰ বাবে ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে পৰিয়ালকেইটা । খহনীয়া প্ৰতিৰোধত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

উল্লেখ্য যে বছৰ বছৰ ধৰি বৰপেটা জিলাৰ জনীয়া, কলগাছিয়াকে ধৰি বিভিন্ন অঞ্চলত গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে (Massive erosion at Barpeta)। ব্ৰহ্মপুত্ৰ আৰু বেকী নৈৰ বুকুত এতিয়ালৈ শ শ গাঁও বিলীন হৈ গৈছে । বাৰিষা বুলিয়ে নহয় বছৰৰ প্ৰায়বোৰ সময়তে খহনীয়া অব্যাহত থাকে । এতিয়াও বহু গাঁও খহনীয়াৰ কৱলত পৰিছে ।

শেহতীয়াকৈ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত বেকী নৈয়ে ভয়ংকৰ ৰূপ লৈছে । যোৱা এসপ্তাহত খহনীয়াৰ কৱলত পৰি প্ৰায় ১০০ টা পৰিয়ালে নিজৰ ঘৰ-মাটি এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে । ইফালে অঞ্চলটোৰ বহু চৰকাৰী আঁচনি, বিদ্যালয়, ৰাজহুৱা প্ৰতিষ্ঠানো নৈৰ বুকুত জাহ গৈছে । অঞ্চলটোৰ PMAY গৃহৰ লগতে অনাময় আঁচনি, বহু বিঘা খেতি পথাৰ নৈত জাহ গৈছে ।

লক্ষণীয়ভাৱে প্ৰতিবছৰে ভূ-মাফিয়াই মাটি খনন কৰাৰ ফলতে বানপানীৰ সমান্তৰালকৈ গৰাখহনীয়াই অঞ্চলটোত ভয়ংকৰ ৰূপ লৈছে বুলি অভিযোগ উঠিছে । ইফালে খহনীয়াৰ চৰম ভাবুকিৰ সন্মুখীন হৈছে বলাইপাথাৰ গাঁৱৰ লগতে আন বহু কেইখন গাঁও । কিন্তু খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জলসম্পদ বিভাগ তথা চৰকাৰে । আনকি অঞ্চলটোৰ ৰাইজৰ খবৰ ল'বলৈও সময় নাই জনপ্ৰতিনিধিৰ ।

যাৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ভুক্তভোগী ৰাইজ । ৰাইজৰ অভিযোগ বিগত কেইবাবছৰ ধৰি খহনীয়াত শ শ লোকে সৰ্বস্ব হেৰুৱাইছে । কিন্তু সেই লোকসকলৰ সাহায্যৰ বাবে চৰকাৰে কোনো পদক্ষেপ লোৱা নাই (Government failed to prevent erosion)। অতি শীঘ্ৰে চৰকাৰ তথা প্ৰশাসনক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী লোকসকলে । খহনীয়া প্ৰতিৰোধৰ লগতে ভুক্তভোগী ৰাইজক ক্ষতিপূৰণ নিদিলে অনাগত দিনত ৰাইজে চৰকাৰৰ বিৰুদ্ধে পদক্ষেপ ল'ব বুলিও হুংকাৰ দিয়ে ।

লগতে পঢ়ক :খাজনা সংগ্ৰহ: মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত তীব্ৰ উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.