ETV Bharat / state

দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত SSB জোৱানৰ - বৰপেটাৰ হাউলী

খাদ্য সামগ্ৰী বিতৰণৰ পূৰ্বে গাঁৱৰ লোকসকলক হাত ধোৱা আৰু মুখত মাস্ক লগোৱাৰ অভ্যাস গঢ়ি তোলাৰ এক সজাগতাৰো প্ৰয়াস চলায় এছ এছ বিৰ ৬৪ নং বেটেলিয়নৰ জোৱানসকলে ৷

relief distribute by SSB
দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত SSB জোৱানৰ
author img

By

Published : Apr 26, 2020, 8:15 PM IST

বৰপেটা,26 এপ্ৰিলঃ ৰাজ্যজুৰি অব্যাহত আছে লক ডাউন ৷ লক ডাউনৰ ফলত বহু পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা ৷ এনে পৰিস্থিতিৰ মাজত দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় হৈছে সমগ্ৰ ৰাজ্যবাসী ৷ সামৰ্থ অনুসৰি আগবঢ়াইছে সহায়ৰ হাত ৷ তেনে এক দৃশ্য দেখা পোৱা গ'ল বৰপেটাৰ হাউলীত ৷ লক ডাউনৰ সময়ত দুখীয়া পৰিয়ালসমূহে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি আহিল হাউলীত থকা এছ এছ বিৰ ৬৪ নং বেটেলিয়নৰ জোৱানসকল ৷ হাউলীৰ হালাপাকুৰী,মৌটুপুৰী,বেন্নীবাৰী আদি গাঁৱৰ দুখীয়া পৰিয়ালক খাদ্য সমগ্ৰী বিতৰণ কৰে জোৱানসকলে। খাদ্য সামগ্ৰী বিতৰণৰ পূৰ্বে গাঁৱৰ লোকসকলক হাত ধোৱা আৰু মুখত মাস্ক লগোৱাৰ অভ্যাস গঢ়ি তোলাৰ এক সজাগতাৰো প্ৰয়াস চলায় ৷ আনহাতে জোৱানসকলে গাঁৱৰ লোকসকলৰ দেহৰ তাপমাত্ৰা পৰীক্ষা কৰাৰ লগতে মাস্ক আদিও বিতৰণ কৰে ।

লগতে পঢ়কঃঘৰৰ মালিকক ৫০ শতাংশ ভাড়া ৰেহাই দিবলৈ অনুৰোধ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.