বৰপেটা, ৩মাৰ্চ: দেওবাৰে বজালীৰ ৰিহাবাৰীত মাদকদ্ৰব্য সেৱন, জুৱাআৰুতীৰ খেলৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদী সমদল । ৰিহাবাৰী আঞ্চলিক উন্নয়ন সমিতি আৰু ৰিহাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে জননী মহিলা সমিতিৰ সহযোগত এই প্ৰতিবাদী সমদলটো উলিওৱা হয় । ইপিনে অঞ্চলটোত দিনক দিনে নিচাযুক্ত সামগ্ৰীৰ প্ৰচলনৰ লগতে জুৱা আৰু তীৰ খেলৰ প্ৰকোপ বহু গুণে বৃদ্ধি পোৱাৰ অভিযোগত দেওবাৰে এইদৰে প্ৰতিবাদকাৰীসকল সৰৱ হৈ পৰে ।
উল্লেখ্য যে বিভিন্ন অসামাজিক উৎপীড়ন, অত্যাচাৰ ৰোধ কৰাৰ দাবীত ৰাইজে প্ৰতিবাদী সমদল উলিওৱাৰ লগতে এক সজাগতা সভাৰো আয়োজন কৰে ।