জনীয়া,25ছেপ্টেম্বৰ : এগৰাকী নাবালিকাক নিচাযুক্ত দ্ৰব্য খুৱাই বিক্ৰী কৰাক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ পৰে বৰপেটা জিলাৰ কলগাছিয়া অঞ্চল ৷ উত্তেজিত ৰাইজে দোষীৰ শাস্তি বিচাৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় 7মাহ পূৰ্বে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী নাবালিকাক নিচাযুক্ত দ্ৰব্য খুৱাই অঞ্চলটোৰ দুই যুৱক ছফিকুল ইছলাম আৰু ৰবিয়াল হকে বিক্ৰী কৰিছিল ৰাজস্থানৰ হমীনপুৰত ৷ গাঁওখনৰ আন দুগৰাকী ছোৱালী আজমিনা আৰু আচমিনাৰ সহযোগত দুই লাখ টকাত বিক্ৰী কৰাৰ অভিযোগ ভুক্তভোগী নাবালিকা গৰাকীৰ পৰিয়ালৰ ৷ নাবালিকা গৰাকী নোহোৱা হোৱাৰ পাছতেই পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰি আৰক্ষীৰ সহযোগত ৰাজস্থানৰ পৰা ছোৱালী জনীক উদ্ধাৰ কৰে ৷
নাবালিকা গৰাকী উদ্ধাৰ হোৱাৰ পাছতেই পৰিয়ালৰ লোকে এই ঘটনা সন্দৰ্ভত বৰভিটা আৰক্ষী চকীত দাখিল কৰে এখন এজাহাৰ ৷ কিন্তু আৰক্ষীয়ে বৰ্তমালৈকে ধৃত লোক দুজনক গ্ৰেপ্তাৰ নকৰে ৷ যাৰ বাবে ভুক্তভোগী পৰিয়ালটিৰ লগতে অঞ্চলবাসী ক্ষোভিত হৈ পৰে আৰু খাটাৰটাৰী বজাৰত সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে 'নাৰী সৰহৰাহকাৰীক গ্ৰেপ্তাৰ কৰক','আৰক্ষী প্ৰসাশন হায় হায়', আদি শ্ল'গানেৰে উত্তপ্ত কৰি তোলে পৰিৱেশ ৷ অতি শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি নিদিলে প্ৰতিবাদ অতি তীব্ৰতৰ কৰাৰ হুংকাৰ নাবালিকা গৰাকীৰ পৰিয়ালৰ লোক তথা প্ৰতিবাদকাৰীসকলৰ ৷
অন্য এক খবৰৰ বাবে: বৰপেটাত ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী