ETV Bharat / state

বান শিবিৰত তীব্ৰ খাদ্য সংকট: চৰকাৰী সাহাৰ্য নোপোৱাত বন্যাৰ্তৰ ক্ষোভ - Assam flood 2022

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অপৰিৱৰ্তিত বান পৰিস্থিতি(Assam flood 2022) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জনীয়াৰ কাদঙতো কমা নাই বানৰ প্ৰকোপ । এতিয়াও ঘৰৰ মুধচলৈকে পানী উঠি থকাত ঘৰলৈ উভতিব পৰা নাই বানাক্ৰান্ত ৰাইজ । দেখা দিছে তীব্ৰ খাদ্য় সংকটে(Food crisis in flood camp) । এনে পৰিস্থিতিত বান সাহাৰ্য নোপোৱাত শতাধিক পুৰুষ মহিলাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

protest against not getting of flood relief in janiya
বান শিৱিৰত তীব্ৰ খাদ্য সংকট: চৰকাৰী সাহাাৰ্য নোপোৱাই বন্যাৰ্তৰ ক্ষোভ
author img

By

Published : Jun 23, 2022, 10:46 AM IST

জনীয়া,২৩ জুন: কি উজনি কি নামনি সমগ্ৰ অসমতে বানপানীৰ বিভীষিকাই সৰ্বসাধাৰণ ৰাইজক জীয়াতু ভোগাইছে(Assam flood 2022) । বেঁকী নৈৰ পানী কিছু পৰিমানে কমিছে যদিও বৰপেটা জিলাৰ জনীয়া সমষ্টিত হাজাৰ হাজাৰ লোক এতিয়াও জলবন্দী । ঘৰৰ মুধচলৈকে পানী উঠাত বিভিন্ন ঠাইত আবদ্ধ হৈ আছে প্ৰতিটো পৰিয়ালৰ কণ-কণ ল'ৰা-ছোৱালীৰ সৈতে পশুধনো ।

যদিও বন্যাৰ্তই ওখ ঠাই নাইবা পথত শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰিছে কিন্তু শিবিৰে শিবিৰে আশ্ৰয় গ্ৰহণ কৰা বন্যাৰ্তৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটে(Food crisis in flood camp) । শৌচাগাৰ, বিশুদ্ধ খোৱাপানী,স্বাস্থ্য সেৱা আদিৰ ব্যৱস্থা নথকা শিবিৰসমূহত দেখা দিছে বেমাৰ আজাৰে । কিন্তু এই সমস্যা সমূহৰ প্ৰতি বৰপেটা জিলা প্ৰশাসনৰ তথা জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ।

বান শিৱিৰত তীব্ৰ খাদ্য সংকট: চৰকাৰী সাহাাৰ্য নোপোৱাই বন্যাৰ্তৰ ক্ষোভ

সেয়ে বৰপেটা জিলা প্ৰশাসন, বিধায়ক তথা পঞ্চায়ত প্ৰতিনিধিয়ে বান সাহাৰ্য দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি আশ্ৰয় শিৱিৰত থকা প্ৰায় শতাধিক পুৰুষ মহিলা আৰু কণ-কণ শিশুৱে খাদ্যৰ অভাৱত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

উল্লেখ্য যে বৰ্তমান কাদঙৰ প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পথত প্ৰায় ৭০ টা পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি আছে । সেয়েহে এই বানাক্ৰান্ত ৰাইজে অতিশীঘ্ৰে শিবিৰসমূহক স্বীকৃতি প্ৰদান কৰি পৰ্যাপ্ত খাদ্য, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য সেৱা প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী জনায় । অন্যথা ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক: 30 জুনৰ ভিতৰত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ তালিকা যুগুতাবলৈ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.