ETV Bharat / state

এফালে মূল্যবৃদ্ধি আনফালে সামগ্ৰীৰ কৃত্ৰিম নাটনি; ত্ৰাহি ত্ৰাহি সুঁৱৰি ঘৰলৈ উভতিছে ৰাইজ !

author img

By

Published : Nov 7, 2021, 8:02 PM IST

‘বজাৰত লাগিছে জুই, যোগান বিভাগ আছে শুই’ - এই বাক্য শাৰী এতিয়া প্ৰতিফলিত হৈছে ৰাজ্যৰ বজাৰত ৷ ৰাজ্যত অভাৱনীয় হাৰত নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাত সৰ্ব-সাধাৰণ লোক কোঙা হৈ পৰিছে ৷ ইয়াৰ মাজতে আকৌ একাংশ মধ্যভোগী দালালৰ অতপালিত ত্ৰাহি মধুসূদন সুঁৱৰিছে ৰাইজ ৷ সমগ্ৰ ৰাজ্যৰ কালগাছিয়াতো বিপাঙত পৰিছে ৰাইজ ৷

Price hike in the goods Market
কলগাছিয়াৰ বজাৰত মধ্যভোগী দালালৰ অতপাতি

জনীয়া, 7 নৱেম্বৰ : ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাম টাঙোন সোধাইছে সৰ্ব-সাধাৰণ ৰাইজক ৷ বিপাঙত পৰিছে ৰাইজ ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ কলগাছিয়াৰ পাচলি বজাৰতো লাগিছে জুই ৷ বজাৰলৈ আহি খালী মোনা লৈয়ে ঘূৰি যাবলৈ বাধ্য হৈছে একাংশ গ্ৰাহক ৷ কিন্তু ৰাইজৰ এই সমূহ সমস্যাৰ বুজ লব’লৈ আহৰি নাই ৰাজ্য চৰকাৰৰ ৷ মূল্যবৃদ্ধি ৰোধ কৰাত যেন ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰৰ যোগান বিভাগ ৷ এই অভিযোগ তৰিছে কলগাছিয়াৰ ভুক্তভোগী ৰাইজে ৷

কলগাছিয়াৰ বজাৰত মধ্যভোগী দালালৰ অতপাতি

লগতে পঢ়ক : নিজকে জয়াললিতাৰ কন্যা বুলি দাবী কৰিলে এইগৰাকী মহিলাই !

ইফালে মূল্যবৃদ্ধিৰ বাবে বজাৰতো নাটনি হৈছে সামগ্ৰীৰ ৷ কলগাছিয়াৰ বজাৰত পাচলিৰ নাটনি দেখুৱাই একাংশ মধ্যভোগীয়ে শাক-পাচলি মজুত কৰি চৰা দামত বিক্ৰী কৰিছে বজাৰত । আনহাতে, আন একাংশ বেপাৰীয়ে সাৰৰ দাম বেছি হোৱাৰ বাবেই পাচলিৰ মূল্যবৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷

Price hike in the goods Market
বজাৰত মূল্যবৃদ্ধিৰ জুই

যাৰ ফলত একাংশ ব্যৱসায়ীয়ে অত্যাধিক হাৰত সামগ্ৰী বিক্ৰী কৰাত পানীত হাঁহ নচৰা অৱস্থা হৈছে ৰাইজৰ ৷ একাংশ মধ্যভোগী দালালৰ অতপালিয়ে মূল্যবৃদ্ধিৰ জুইকুৰাত ঘিউহে ঢলাৰ উপক্ৰম হৈছে ৷ দালাল স্বৰূপ একাংশ মধ্যভোগীক নাকী লগোৱাৰ লগতে এই ক্ষেত্ৰত যোগান বিভাগক কঠোৰ দৃষ্টি নিক্ষেপ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : দীপাৱলীত মহানগৰীৰ বিভিন্ন স্থানত অগ্নিকাণ্ড সংঘটিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.