ETV Bharat / state

টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা খাৰবল্লীৰ ৰাইজৰ - Poor condition of transportation at Kharaballi

কলগাছিয়াৰ খাৰবাল্লীত টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা। যি কোনো মূৰ্হততে ভয়ংকৰ নাও দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা। বেকী নৈৰ সুঁতিত দলং নিৰ্মাণৰ দাবী ৰাইজৰ।

Poor condition of transportation at Kharaballi
টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা খাৰবল্লীৰ ৰাইজৰ
author img

By

Published : Aug 21, 2020, 9:26 AM IST

জনীয়া, 21আগষ্টঃ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বেকী নৈৰ সুঁতিত চলিছে ভয়ংকৰ বিপদ সংকুল যাত্ৰা। মৰণক শৰণ দি টুলুঙা নাৱেৰে যাতায়ত কৰিবলগা হৈছে ৰাইজে। চৰকাৰ আহিল, চৰকাৰ গ'ল কিন্তু গাঁৱলীয়া ৰাইজৰ পৰিৱৰ্তন নহ’ল। উল্লেখযোগ্য যে, কেইবছৰমান পূৰ্বে বৰপেটাৰ সাংসদ আব্দুল খালেকে খাৰবাল্লীত এটা মথাউৰি নিৰ্মাণ কৰিছিল যদিও সেই বৰ্ষতেই বানে উটুৱাই নিছিল। কিন্তু তাৰ পিছত কোনো এজন জনপ্ৰতিনিধি তথা চৰকাৰে যাতায়তৰ সুবিধা কৰি দিবলৈ কাণ সাৰ দিয়া নাই উক্ত অঞ্চলটোত।

টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা খাৰবল্লীৰ ৰাইজৰ

ফলত কণ কণ শিশু, মহিলা, যুৱক-যুৱতী, বৃদ্ধ সকলোৱে ঈশ্বৰৰ নাম লৈ মৰণক শৰণ দি টুলুঙা নাৱেৰে নদী পাৰ হ’বলগীয়া হৈছে। ইপিনে যি কোনো মুহূৰ্ততে বিপদসংকুল যাত্ৰাত ভয়ংকৰ নাও দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে । সেয়ে শীঘ্ৰে খাৰবাল্লীত বেকী নৈৰ সুঁতিত এখন দলং নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে।

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাক ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী কমলাক্ষ দে’ পুৰকায়স্থৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.