ETV Bharat / state

বাংলাদেশলৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং বেহা !

বৰপেটাত প্ৰশাসনে জব্দ কৰিছে ভাৰতীয় খাদ্য নিগমৰ চাউল ৷ বৰপেটাৰ পৰা বাংলাদেশলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চাউলৰ ৰমৰমীয়া চোৰাং বেহা চলি থকাৰ অভিযোগ উত্থাপিত হোৱাৰ পাচতে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চাউল ৷ গুদামঘৰত ভাৰতীয় খাদ্য নিগমৰ বস্তাসমূহ সলনি কৰি প্লাষ্টিকৰ হালধীয়া বস্তাত চাউলসমূহৰ ৰি-পেকেজিং কৰি মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ চাউল সৰবৰাহ কৰাৰ অভিযোগ ৷

author img

By

Published : Aug 29, 2021, 10:36 PM IST

large-amount-of-fci-rice-seized-in-barpeta-adminstrations
বৰপেটাত বৃহৎ পৰিমাণৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চাউল জব্দ

বৰপেটা, 29 আগষ্ট : বৰপেটাৰ পৰা বাংলাদেশলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চাউলৰ ৰমৰমীয়া চোৰাং বেহা চলি থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ৷ গোপন সূত্ৰৰ পৰা চৰকাৰী চাউলৰ চোৰাং ব্যৱসায় চলি থকাৰ খবৰ লাভ কৰিছিল বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে ৷

বৰপেটাত প্ৰশাসনে জব্দ কৰিছে ভাৰতীয় খাদ্য নিগমৰ চাউল

তাৰ পাচতে পাঠকৰ নেতৃত্বত এটা অভিযানকাৰী দলে বৰপেটা জিলাৰ কাঁহিবাৰীত অভিযান চলাই ৰাজহুৱা বিতৰণৰ বাবে অনা বৃহৎ পৰিমাণৰ চাউল জব্দ কৰিবলৈ সক্ষম হয় ৷ অভিযানকাৰী দলটোৱে পাটবাউসীৰ সমীপৰ কাঁহিবাৰীৰ ছাহজাহান আলীৰ ভাৰাঘৰৰ পৰা এই বৃহৎ পৰিমাণৰ চোৰাং চাউলৰ বস্তা জব্দ কৰে ৷

ইপিনে চোৰাং চাউলসমূহ টীকেন দাস নামৰ কোনো লোকৰ বুলি প্ৰকাশ কৰিছে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ৷ অভিযানকাৰী দলটোৱে চাউলৰ গুদাম ঘৰটোৰ পৰা বৃহৎসংখ্যক FCI ৰ চাউলৰ বস্তাৰ লগতে খালী বস্তা আৰু দুটা বস্তা চিলাই কৰা মেচিনসহ বৈদ্যুটিক কাটা জব্দ কৰে ৷

লগতে পঢ়ক: মেট্রিকত অনুত্তীর্ণ ৩০,২৮৮ গৰাকী শিক্ষার্থীৰ ২২ হাজাৰে বহিব বিশেষ পৰীক্ষাত

আৰক্ষী আৰু যোগান বিভাগৰ সহযোগত চলা এই অভিযানৰ পিছতে অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে সদৰী কৰা মতে, জব্দ কৰা চাউলসমূহ ভাৰতীয় খাদ্য নিগমৰ ৷ ইপিনে গুদাম ঘৰটোত ভাৰতীয় খাদ্য নিগমৰ বস্তাসমূহ সলনি কৰি প্লাষ্টিকৰ হালধীয়া বস্তাত চাউল সমূহৰ ৰি-পেকেজিং কৰি মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ চাউল সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

pds rice seized in barpeta
চাউলসমূহৰ ৰি-পেকেজিং কৰি মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ চাউল সৰবৰাহ কৰাৰ অভিযোগ

ইফালে জিলা প্ৰশাসনৰ অভিযানৰ পূৰ্বেই গুদাম ঘৰটোত কৰ্মৰত লোকসকলে পলায়ন কৰে ৷ অভিযানকাৰী দলটোৱে গুদাম ঘৰটোৰ সন্মুখৰ পৰা চাউল সৰবৰাহত ব্যৱহৃত AS-15C-8794 নম্বৰৰ ব'লেৰো পিকআপ ভান এখনো জব্দ কৰিছে ৷ ইয়াৰ পূৰ্বেও উক্ত গুদাম ঘৰটোত ৰাজহুৱা বিতৰণৰ বাবে অনা ভাৰতীয় খাদ্য নিগমৰ চাউল জব্দ কৰাৰ লগতে গুদাম ঘৰটো প্ৰশাসনে ছীল কৰিছিল ৷

যি সময়ত চৰকাৰে ৰাজ্যৰ পৰা দুৰ্নীতি নিৰ্মূলকৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে ৷ সেই সময়তে এতিয়াও বিভিন্ন বিভাগত প্ৰশাসনৰ অগোচৰে একাংশ অসাধু চক্ৰই দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱা ঘটনাই যেন চৰকাৰৰ পদক্ষেপক প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে পঢ়ক: তামুলপুৰ আৰক্ষীৰ জালত বৃহৎ পৰিমানৰ গাঞ্জাসহ এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.