ETV Bharat / state

বৰপেটা অসামৰিক চিকিৎসালয়ত চটফটাইছে ৰোগীয়ে,কান্দিছে নৱজাতকে !

author img

By

Published : Aug 27, 2019, 1:43 PM IST

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত অচলাৱস্থা ৷

চটফটাইছে ৰোগীয়ে,কান্দিছে নৱজাতকে

বৰপেটা,27 আগষ্টঃকলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত স্বাস্থ্যবিভাগৰ ফোপোলা স্বৰূপ ৷ উৎকট গৰমত বিদ্যুতৰ অভাৱত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ মাজত হাহাকাৰ ৷ চিকিৎসালয়খনত জেনেৰেটৰ ব্যৱস্থা থকাৰ পিছতো ৰোগীৰ বাবে চলোৱা নহয় ডিজি ৷ আনফালে বিদ্যুৎ নাথাকিলেও চিকিৎসকৰ কোঠাত সঘনাই চলি থাকে এ চি আৰু ফেন ৷ ইয়াৰোপৰি চিকিৎসালয়খনৰ নাৰ্চে ডকাইতৰ ৰূপ ধাৰণ কৰাৰ অভিযোগো উত্থাপন হৈছে ৷

চটফটাইছে ৰোগীয়ে,কান্দিছে নৱজাতকে

প্ৰসূতি ৰোগীৰ সকলো সা-সুবিধা বিনামূলীয়া যদিও এই চিকিৎসালয়ত থকা নাৰ্চে প্ৰতি গৰাকী প্ৰসূতি ৰোগীৰ অভিভাৱকৰ পৰা বলপূৰ্বক ৫০০-৬০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে প্ৰসূতি ৰোগীৰ অভিভাৱকে।

Intro:slug: as_jania_27aug_kalgachia_patient_cries_vis4+byt4+pho2_spl_pkg_story_asc10058

Anchor: উৎকট গৰমত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত নিশা ৰোগীৰ মাজত হাহাকাৰ। ব্যৱস্থা থকাৰ পিছতো চিকিৎসালয়ত নচলে ডি জি। ডকাইতৰ ৰূপত চিকিৎসালয়খনৰ নাৰ্ছ। প্ৰসূতি ৰোগীৰ অভিভাৱকৰ পৰা বলপুৰ্বক ধন সংগ্ৰহ।Body:slug: as_jania_27aug_kalgachia_patient_cries_vis4+byt4+pho2_spl_pkg_story_asc10058

VO-1: নামত হে চলিছে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়। এই চিকিৎসালয়খনত নাই ৰোগীৰ বাবে নূন্যতম সা-সুবিধা। কিন্তু চিকিৎসকৰ বাবে আছে সকলো সা- সুবিধা। বিদ্যুৎ নাথাকিলেও চিকিৎসকৰ কোঠাত সঘনাই চলে এ চি আৰু ফেন। ৰাজ্যত এতিয়া উৎকট গৰম। সঘনাই বিদ্যুতৰ লুকা-ভাকু। বিদ্যুৎ নাথাকিলে চিকিৎসকৰ কোঠাত সঘনাই এ চি আৰু ফেন চলিলেও ৰোগীৰ প্ৰতিটো কোঠাত কিন্তু নচলে এখনো ফেন। যাৰ বাবে ৰোগীয়ে এনেদৰে বিচনীৰে লৈ আছে বতাহ। উৎকট গৰমত থাকিব নোৱাৰি এটি নৱজাতকে এইদৰে কান্দি আছে। কিন্তু চিকিৎসালয়খনত ব্যৱস্থা থকাৰ পিছতো চলোৱা নাই ডি জি। চিকিৎসালয়ত আজি নিশা সাংবাদিকৰ এটি দলে চলোৱা অভিযানত চিকিৎসালয়খনত চলা অৰাজকতা বন্দী হয় সাংবাদিকৰ কেমেৰাত। ইয়াৰোপৰিও এই চিকিৎসালয়খনত ডকাইতৰ ৰূপ ধাৰণ কৰিছে নাৰ্ছ সকলে। প্ৰসূতি ৰোগীৰ সকলো সা-সুবিধা বিনামূলীয়া যদিও এই চিকিৎসালয়ত থকা নাৰ্চে প্ৰতি গৰাকী প্ৰসূতি ৰোগীৰ অভিভাৱকৰ পৰা বলপূৰ্বক ৫০০-৬০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে প্ৰসূতি ৰোগীৰ অভিভাৱকে। টকা নিদিলে ৰোগীক সা-সুবিধা দিয়া নহব বুলি দিয়া হয় ভয়-ভাবুকি। ইফালে প্ৰতিটো ৰোগী থকা কোঠাৰ ওচৰত তাৎক্ষণিক সুবিধাৰ বাবে নাৰ্ছ থাকিব লাগে যদিও নিশা নেথাকে কোনো নাৰ্ছ। এই ক্ষেত্ৰত অধীক্ষক ডাঃ ছামছুল আলমক অৱগত কৰাৰ পিছতো আজি পৰ্যন্ত লব পৰা নাই কোনো ব্যৱস্থা। যাৰ বাবে অতি সোনকালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিহীত ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৰোগীৰ অভিভাৱক আৰু ৰাইজে।

(Special Package Story)Conclusion:slug: as_jania_27aug_kalgachia_patient_cries_vis4+byt4+pho2_spl_pkg_story_asc10058

Byte: ৰোগীৰ অভিভাৱক আৰু স্থানীয় ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

(Special Package Story)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.