ETV Bharat / state

বৰপেটাত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ - তাপেশ্বৰা গাঁও পঞ্চায়

৬৪ নং তাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা খাতুনৰ বিৰুদ্ধে উত্থাপন হোৱা অনাস্থা প্ৰস্তাৱৰ (NO CONFIDENCE MOTION) বিৰুদ্ধে ভোট গ্ৰহণ । ৭ গৰাকী পঞ্চায়ত সদস্যই ভোট দান কৰিলে অনাস্থা প্ৰস্তাৱৰ সপক্ষে।

বৰপেটাত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

author img

By

Published : Jun 22, 2021, 2:19 PM IST

জনীয়া, 22 জুন: বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তগৰ্ত 64 নং তাপেশ্বৰা গাঁও পঞ্চায়তত পঞ্চায়ত সাভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে অনাস্থা প্ৰস্তাৱ ৷ গাঁও পঞ্চায়তটোৰ সভানেত্ৰী ৰেহেনা খাতুনৰ বিৰুদ্ধে উত্থাপন হৈছে অনাস্থা প্ৰস্তাৱ ৷ জানিব পৰা মতে গাঁও পঞ্চায়টোৰ 10 গৰাকী সদস্যৰ 7 গৰাকী সদ্যই এখন 12 দফীয়া অভিযোগ নামা দাখিল কৰিছে পঞ্চায়টোৰ সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে ৷

বৰপেটাত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

ইফালে উক্ত অনাস্থা প্ৰস্তাৱৰ ভিত্তিতে সোমবাৰে কলগাছিয়া ৰূপসী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ সমগ্ৰ বিষটোৰ সৰ্ন্দভত খণ্ড উন্নয়ন বিষয়া আলী আকবৰৰৰ উপস্থিতিত ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনৰ সভাপতিত্বত এখন বিশেষ সভা অনুষ্ঠিত হয় ৷ উক্ত সভাৰ অন্তত সভানেত্ৰী ৰেহেনা খাতুনৰ বিৰুদ্ধে উত্থাপন হোৱা অনাস্থা প্ৰস্তাৱৰ সপক্ষে ১৯৯৪ চনৰ পঞ্চায়ত আইনৰ ১৫ নং ধাৰাৰ অধীনত গণতান্ত্ৰিক পদ্ধতিৰে গোপন বেলটৰ জৰিয়তে ভোট দান কৰে পঞ্চায়তৰ সদস্য সকলে ।

এই গোপন ভোট দানত অনাস্থা প্ৰস্তাৱৰ সপক্ষে ৭ গৰাকী সদস্য-সদস্যাই ভোট দান কৰিছে বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷ সমগ্ৰ বিষয়টোৰ সৰ্ন্দভত অতি শীঘ্ৰে অনাস্থা প্ৰস্তাৱ গৃহীত কৰাৰ বাবে বৰপেটা জিলাৰ উপায়ুক্তক আবেদন দাখিল কৰিব বুলি উল্লেখ কৰিছে পঞ্চায়টোৰ সদস্য-সদস্যা সকলে । সম্প্ৰতি এই ঘটনাৰ পাচতে তাপেশ্বৰা গাঁও পঞ্চায়ত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

এই দৰে পঞ্চায়ত সভানেত্ৰী বা সভাপতিৰ বিৰুদ্ধে উত্থাপন হোৱা অনাস্থা প্ৰস্তাৱ ৰাজ্যত নতুন নহয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন অভিযোগত পঞ্চায়ত সদস্য সকলৰ লগত মনোমালিন্য ঘটাৰ ফলতে অনাস্থা প্ৰস্তাৱ উত্থাপন হোৱা দেখিবলৈ পোৱা যায় ৷ বিভিন্ন আঁচনি আৱন্টন দিয়াৰ নামত বা ৰূপায়ন কৰাৰ নামত সংঘটিত কৰি অহা দুৰ্নীতিৰ বাবে এনেদৰে অনাস্থা প্ৰস্তাৱ উপস্থাপন হোৱা দেখিবলৈ পোৱা যায় ৷

সম্প্ৰতি ৰাজ্যত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কৈ আহিছে ৷ এনেদৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হৈ অহা অনিয়ম আৰু দুৰ্নীতি বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়কঃ প্লাষ্টিকৰ বটলৰ নাৱেৰে মাজুলীলৈ যাত্ৰা ধীৰাজ বিকাশ গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.