বৰপেটা, 14 মে’ : অসমত মহামাৰী ক'ৰণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ লগতে প্ৰতিদিনে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে ৷ বৰপেটাতো কৰ’ণাৰ আতংক অব্যাহত আছে ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে বৰপেটা জিলাত ৪ গৰাকী ক’ভিড-19ত আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৷ সম্প্ৰতি জিলাখনত ক’ভিড-19ত আক্ৰান্ত মৃত লোকৰ সংখ্যা ৩২ গৰাকীলৈ বৃদ্ধি পাইছে ৷
বৰপেটা জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈ জিলাখনত ৮৪ গৰাকী কৰ’ণা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠাৰ পৰিৱৰ্তে বৃহস্পতিবাৰ দিনটোত জিলাখনত নতুনকৈ ১৯৩ গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত বুলি চিনাক্ত হৈছে ৷
উল্লেখ্য যে, বৰপেটা জিলাত মুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ২৯০৮ গৰাকীলৈ বৃদ্ধি পাইছে ৷ এতিয়ালৈকে বৰপেটাত মুঠ ৯৪৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ আনহাতে, বৰপেটাত ১৯২৬ গৰাকী ক’ভিড-19ত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব পাথাৰকান্দি আৰক্ষী