ETV Bharat / state

কলগাছিয়াৰ চানমামা আদৰ্শ চিকিৎসালয় পৰিদৰ্শন জনিয়াৰ বিধায়কৰ

author img

By

Published : Jan 8, 2021, 12:04 PM IST

বৃহস্পতিবাৰে কলগাছিয়াৰ চানমামা আদৰ্শ চিকিৎসালয় পৰিদৰ্শন বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ ৷ 2014 চনতে স্থাপন কৰা চিকিৎসালয়খন বৰ্তমানো পৰিত্যক্ত অৱস্থাত ৷ শীঘ্ৰেই চিকিৎসালয়খন পৰিদৰ্শন কৰি পৰ্যাপ্ত পৰিমাণৰ চিকিৎসকক নিযুক্তি দিবলৈ স্বাস্থ্য বিভাগক দাবী বিধায়ক গৰাকীৰ ৷

jania mla
বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম

জনিয়া,8 জানুৱাৰী : বৰপেটাৰ কলগাছিয়াত বৃহস্পতিবাৰে চানমামা আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰে বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ৷ 2014 চনতে স্থাপন কৰা তিনিমহলীয়া এই চিকিৎসালয়খনৰ কেৱল অট্টালিকাটো নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰিছে স্বাস্থ্য বিভাগে ৷

ইয়াৰ পৰিপ্ৰেক্ষিতত 7 বছৰে পৰ্যাপ্ত নাৰ্চ, চিকিৎসকৰ অভাৱত যমৰ যাতনা ভূগিছে ৰোগী আৰু স্থানীয় ৰাইজে । বৰ্তমানো ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰীৰেই চলি আছে চিকিসালয়খনৰ চিকিৎসা ব্যৱস্থা ।

বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম

প্ৰতিদিনে হাজাৰোধিক ৰোগীয়ে চিকিৎসা সেৱাৰ বাবে চিকিৎসালয়খনলৈ যায় যদিও নাপায় পৰ্যাপ্ত পৰিমাণে চিকিৎসা । চৰকাৰে কেৱল আদৰ্শ বিল্ডিং বনায়েই দায়িত্ব সামৰিছে ৷ চিকিৎসাৰ নামত কোনো আদৰ্শ নাই বুলি চিকিৎসালয় পৰিদৰ্শন কৰি এই কথা উল্লেখ কৰে বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ।

চিকিৎসালয়খনত মাত্ৰ এজন চিকিৎসক, দুজন ফাৰ্মাচিষ্ট থকাৰ লগতে বিদ্যুৎ অবিহনে গোহালি সদৃশ কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে । শীঘ্ৰেই এই আদৰ্শ চিকিৎসালয়খন পৰিদৰ্শন কৰি চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসকক নিযুক্তি দিবলৈ স্বাস্থ্য বিভাগক দাবী জনায় বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক : ‘কা’ৰ বিৰোধিতা কৰা বিদ্যাসাগৰৰ এইবাৰ ওলোটা খৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.