ETV Bharat / state

অগ্নিকাণ্ডৰ কৱলত সাংবাদিক মফিদুল ইছলামৰ বাসগৃহ

author img

By

Published : Oct 16, 2020, 8:18 AM IST

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দাৱনদিয়া গাঁৱত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত সাংবাদিক মফিদুল ইছলাম আৰু আব্দুছ ছামাদ নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহ বেয়াকৈ ক্ষতিগ্ৰস্ত হয় ৷

অগ্নিকাণ্ডৰ কৱলত সাংবাদিক মফিদুল ইছলামৰ বাসগৃহ
অগ্নিকাণ্ডৰ কৱলত সাংবাদিক মফিদুল ইছলামৰ বাসগৃহ

জনীয়া, 16 অক্টোবৰ : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দাৱনদিয়া গাঁওত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড । সাংবাদিক মফিদুল ইছলাম আৰু আব্দুছ ছামাদ নামৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত হয় অগ্নিকাণ্ড । অগ্নিকাণ্ডটোৰ ফলত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ক্ষতি হয় প্ৰায় চাৰি লাখ টকাৰ টেন্ট হাউচৰ সা-সম্পত্তি ।

আনহাতে ঘটনাৰ ফলত কথমপি ৰক্ষা পৰে আন কেইবাটাও ঘৰ । ঘৰৰ ভিতৰত আছিল টেণ্ট হাউছৰ সম্পূৰ্ণ সামগ্ৰী । অগ্নিকাণ্ডৰ ফলত সামগ্ৰীসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত । বিদ্যুৎ চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে । স্থানীয় ৰাইজ আৰু কলগাছিয়া অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত ইতিমধ্যে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : গ্ৰেপ্তাৰ হ'ল আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.