ETV Bharat / state

Beki river erosion: নৈত জাহ যোৱা ঘৰখনলৈ চাই হুমুনিয়াহ কাঢ়িছে নৈপৰীয়াই

author img

By

Published : Aug 2, 2022, 8:16 PM IST

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বলাইপাথাৰত বেকী নৈৰ গৰাখহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিছে (Beki river erosion at Jania) । এসপ্তাহতে খহনীয়াত পৰি উছন হ’ল ১৫ টাকৈ পৰিয়াল । ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে খহনীয়াগ্ৰস্ত লোকে ।

Massive erosion of beki river
নৈত জাহ যোৱা ঘৰখনলৈ চাই হুমুনিয়াহ কাঢ়িছে নৈপৰীয়াই

জনীয়া, 2 আগষ্ট: বান আৰু খহনীয়াই প্ৰতি বছৰে জলাকলা খুৱাই আহিছে অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam)৷ বাৰিষা নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood hazard in Assam)৷ বানৰ পাচত আকৌ ভূতৰ ওপৰত দানহ পৰাদি খহনীয়াই এফালৰ পৰা ধাঁহি-মুহি নিয়ে খেতিপথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion hits riverside people in Assam)৷ নৈৰ বুকুত লীন যায় এইসকল দুৰ্ভগীয়াৰ দুচকুৰ সপোন ৷ কেৱল চকুলো টুকি বা হা-হুমুনিয়াহ কাঢ়ি দিন পাৰ কৰিবলগীয়া হয় এইসকল লোকে ৷

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বলাইপাথাৰত বেকী নৈৰ গৰাখহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিছে (Massive erosion of Beki river in Barpeta) । এসপ্তাহতে খহনীয়াত পৰি উছন হ’ল ১৫ টাকৈ পৰিয়াল । ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে খহনীয়াগ্ৰস্ত লোকে । নৈৰ বুকুত জাহ গ’ল বাসগৃহ আৰু বিঘাই বিঘাই খেতি পথাৰ । নিজৰ ঘৰখন, খেতিডৰা হেৰুৱাই এতিয়া হিয়া ঢাকুৰি কান্দিছে এই লোকসকলে ৷

উল্লেযোগ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰত বানপানীৰ পিছতেই ৰুদ্ৰমূৰ্তি লৈছে বেকী নৈৰ গৰাখহনীয়াই (Beki river erosion)। ভাবুকিৰ সন্মুখীন হৈছে দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয় । কিন্তু জনপ্ৰতিনিধি তথা চৰকাৰে এই খহনীয়া ৰোধৰ বাবে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে লোকসকলে ।

প্ৰশাসনে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাত অৱশিষ্ট নিজৰ ঘৰ দুৱাৰ সমূহ ভাঙি লৈ নিৰাপদ স্থানত ঢাপলি মেলিছে ভুক্তভোগীয়ে । একেদৰে বলাইপাথাৰ, কাউৰজাহী, খাৰবাল্লী, আমগুৰি আৰু শওপুৰ অঞ্চলতো আৰম্ভ হৈছে বিধ্বংসী গৰাখহনীয়া । শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰাৰ লগতে ভুক্তভোগী সকলক ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছে ৰাইজে ।

লগতে পঢ়ক : Child Death in Barpeta: মোমায়েকৰ ঘৰলৈ আহি পানীত পৰি ভাগিনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.