ETV Bharat / state

হাউলীৰ কালঝাৰত বিনামূলীয়া মাস্ক বিতৰণ

author img

By

Published : Mar 21, 2020, 5:00 PM IST

কৰ'ণা ভাইৰাছৰ সমক্ৰমণ ৰোধৰ বাবে ৰাইজক সজাগ হব'লৈ আহ্বান বৰপেটাৰ হাউলীৰ কালঝাৰৰ মানৱ সেৱা নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ ৷ শনিবাৰে এই সংগঠনৰ উদ্যোগত বাছ যাত্রী সকলৰ লগতে পথচাৰীৰ মাজত বিতৰণ কৰা হয় বিনামূলীয়া মাস্ক ৷

বিনামূলীয়া মাস্ক বিতৰণ
বিনামূলীয়া মাস্ক বিতৰণ

বৰপেটা, ২১ মাৰ্চঃ কৰ'ণা ভাইৰাছৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে ইতিমধ্যে বৰপেটা জিলাতো প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি ব্যাপক জন সমাগম ৰোধৰ প্ৰচেষ্টা হাতত লৈছে । ইয়াৰ সমান্তৰালভাৱে একাধিক সামাজিক সংস্থা, সংগঠনে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহন কৰি কৰ'ণা ভাইৰাছ সমক্ৰমণ ৰোধৰ ক্ষেত্ৰত সহযোগ আগবঢ়াইছে ৷

হাউলীৰ কালঝাৰত বিনামূলীয়া মাস্ক বিতৰণ

আজি বৰপেটাৰ হাউলীৰ কালঝাৰৰ মানৱ সেৱা নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে ৰাইজৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে । স্বেচ্ছাসেৱী সংস্থাটোৰ সদস্যসকলে আজি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ যাত্রীসকলৰ লগতে পথচাৰীৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰি ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় ।

লগতে পঢ়কঃ কৰ’ণা ভাইৰাছৰ বাবে ব্যাহত নহয় উত্তৰ-পূৱ ভাৰতৰ বিমান সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.