ETV Bharat / state

মৃত ব্যক্তিৰ নামত ধন মোকোলাই গ্ৰেপ্তাৰ মহিলা - মৃত ব্যক্তিৰ নামত ধন মোকোলাই গ্ৰেপ্তাৰ হ’ল

ভুৱা তথ্যৰে মৃত ব্যক্তিৰ নামত ধন মোকোলাই গ্ৰেপ্তাৰ হ’ল এগৰাকী মহিলা (Life Insurance scram at Kalgachia) । ঘটনাৰ লগত জড়িত সকলো ব্যক্তিৰ বিৰুদ্ধে তদন্ত সাপেক্ষে ব্যৱস্থা লোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

Life Insurance scram at Kalgachia in Barpeta
মৃত ব্যক্তিৰ নামত ধন মোকোলাই গ্ৰেপ্তাৰ হ’ল এগৰাকী মহিলা
author img

By

Published : Sep 14, 2022, 8:49 PM IST

জনীয়া, 14 ছেপ্তেম্বৰ: এইবাৰ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ উদমাৰীত পোহৰলৈ আহিছে এক ভয়ংকৰ বীমা আঁচনিৰ কেলেংকাৰীৰ তথ্য (Life Insurance scram) । ভুৱা তথ্যৰে মৃত ব্যক্তিৰ নামত ধন মোকোলাই গ্ৰেপ্তাৰ হ’ল এগৰাকী মহিলা । ঘটনাৰ বিৱৰণি মতে, উদমাৰী গাঁৱৰ আজম আলি নামৰ লোকজনৰ বিগত ২০১৮ বৰ্ষৰ ৭ জানুৱাৰীত আকস্মিকভাৱে মৃত্যু হৈছিল ।

পৰৱৰ্তী সময়ত দুলাল হুছেইন নামৰ এজন দালালে মৃতকৰ ঘৰলৈ গৈ মৃত্যু হোৱা আজম আলিৰ নামত ধন আনি দিব বুলি কৈ পৰিয়ালৰ লোকৰ পৰা সম্পূৰ্ণ নথি পত্ৰ লৈ গৈছিল । পৰৱৰ্তী সময়ত দালাল দুলাল হুছেইন, স্থানীয় গাঁওবুঢ়া নুৰুল ইছলাম, তিতাপানী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ তফিজ উদ্দীন আৰু অংগনবাৰী কৰ্মী, আশাকৰ্মী, ডাকঘৰৰ পিয়ন, আৰু কেইবাগৰাকী লোকে জড়িত হৈ মৃত আজম আলিৰ মৃত্যুৰ দিন সলনি কৰি জীৱন বীমা আঁচনিৰ পৰা বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰা বুলি মৃত আজম আলিৰ পৰিয়াল তথা আজম আলিৰ পত্নীয়ে অভিযোগ উত্থাপন কৰে (Life Insurance scram at Kalgachia) ৷

মৃত ব্যক্তিৰ নামত ধন মোকোলাই গ্ৰেপ্তাৰ হ’ল এগৰাকী মহিলা

ঘটনা সন্দৰ্ভত বুধবাৰে পুৱা নলবাৰী আৰক্ষীয়ে মৃত আজম আলিৰ পত্নী নুৰজাহানক গ্ৰেপ্তাৰ কৰে ৷ অৱশ্যে এইপৰ্যন্ত চিকিৎসক ডাঃ তফিজ উদ্দীনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । ইফালে এই ঘটনাৰ লগত জড়িত সকলো ব্যক্তিৰ বিৰুদ্ধে তদন্ত সাপেক্ষে ব্যৱস্থা লোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে । উল্লেখ্য যে, দালালৰ চক্ৰটোৱে দীৰ্ঘদিনৰ পৰা এনে ধৰণৰ কাৰ্যকলাপ সংঘটিত কৰাৰ অভিযোগ আছে ।

লগতে পঢ়ক: লাহে লাহে উন্মোচন হৈছে জলসম্পদ বিভাগৰ নিযুক্তি কেলেংকাৰীৰ তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.