বৰপেটা, ৫ মাৰ্চ :মঙলবাৰৰ পৰা বৰপেটাত অনুষ্ঠিত হোৱা কৃষক মেলাত বাংলা ভাষাৰ পয়োভৰ । বৰপেটাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কৃষক মেলাত অংশগ্ৰহণ কৰা একাংশ প্ৰতিষ্ঠানে লগালেবাংলাভাষাৰ বেনাৰ-পোষ্টাৰ ।খোদ চৰকাৰী বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানতে অসমীয়া ভাষাৰ সলনি বাংলা ভাষাৰ ব্যৱহাৰ দেখি উক্ত অনুষ্ঠানত উপস্থিত থাকিক্ষোভিত হৈ পৰে বিজেপিৰ ৰাজ্যিক সভাপতিৰঞ্জিত কুমাৰ দাসে ।
বৰপেটাৰ কৃষক মেলাত বাংলা ভাষাৰ পয়োভৰ - বৰপেটা
খোদ চৰকাৰী বিভাগৰ উদ্যোগত অনুষ্ঠিত মেলাতে বাংলা ভাষাৰ বেনাৰ অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানৰ
বৰপেটাত কৃষক মেলা
বৰপেটা, ৫ মাৰ্চ :মঙলবাৰৰ পৰা বৰপেটাত অনুষ্ঠিত হোৱা কৃষক মেলাত বাংলা ভাষাৰ পয়োভৰ । বৰপেটাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কৃষক মেলাত অংশগ্ৰহণ কৰা একাংশ প্ৰতিষ্ঠানে লগালেবাংলাভাষাৰ বেনাৰ-পোষ্টাৰ ।খোদ চৰকাৰী বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানতে অসমীয়া ভাষাৰ সলনি বাংলা ভাষাৰ ব্যৱহাৰ দেখি উক্ত অনুষ্ঠানত উপস্থিত থাকিক্ষোভিত হৈ পৰে বিজেপিৰ ৰাজ্যিক সভাপতিৰঞ্জিত কুমাৰ দাসে ।
Slug: A_BAR_5MARCH_801TO802_BARPETA_DISTRICT_KISAN_MELA_VIS+BITE_BAPKAN_DAS_DAS
বৰপেটাত কৃষক মেলাঃ অংশগ্ৰহনকাৰী প্ৰতিষ্ঠানৰ বাংলা ভাষাৰ বেনাৰ ; বিজেপি সভাপতি ৰনজিৎ দাসৰো ক্ষোভ ৷
বৰপেটা, ৫ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লক্ষ্য আছিল দেশৰ কৃষকসকলৰ উৎপাদন দুগুন কৰা ৷ প্ৰধানমন্ত্ৰীৰ সেই লক্ষ্যত উপনীত হবলৈ কৃষকসকলক লৈ দেশৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰা হৈছে কৃষক মেলা ৷ বৰপেটাতো আজি অনুষ্ঠিত হয় এক কৃষক মেলা ৷ বৰপেটাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বৰপেটা জিলা পুথিভৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কৃষক মেলাত কৃষি বিজ্ঞানীসকলৰ লগতে অংশগ্ৰহন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাসে ৷ পিছে বৰপেটাত অনুষ্ঠিত হোৱা কৃষক মেলাত অংশগ্ৰহন কৰা একাংশ প্ৰতিষ্ঠানে বাংলাভাষাৰ বেনাৰ পোষ্টাৰ লগোৱাক লৈ অসন্তুষ্টি ব্যক্ত কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ খোদ চৰকাৰী বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানতে অসমীয়া ভাষাৰ সলনি বাংলা ভাষাৰ ব্যৱহাৰ দেখি ক্ষোভিত হৈ পৰা বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাসে কলে-- চৰকাৰীভাবে যদি আমি অসমীয়া ভাষাটো নাৰাখো তেন্তে কোনে ৰাখিব ৷ সেয়ে অসমত যদি এই প্ৰতিষ্ঠানবোৰে কাম কৰিব বিচাৰে তেন্তে কৃষকসকলে সহজতে বুজিব পৰাকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷ আনহাতে পৰৱৰ্তীসময়ত অসমীয়া ভাষাৰ বেনাৰ পোষ্টাৰ লগোৱাত গাফিলতি কৰিলে এনে প্ৰতিষ্ঠানক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহন কৰিব দিয়া নহব বুলি সকিয়নি প্ৰদান কৰে ৰনজিৎ কুমাৰ দাসে ৷
ইপিনে নৰেন্দ্ৰ মোডীয়ে কৃষকৰ আয় দুগুন কৰি কৃষকসকলক আগুৱাই নিবৰ বাবে কৰা প্ৰচেষ্টা সাৰ্থক হৈ পৰা বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাসে ৷ বিশেষকৈ কৃষি বীমা যোজনাকে ধৰি বিভিন্ন চৰকাৰী আচনিৰ জৰিয়তে কৃষকসকল উপকৃত হোৱাৰ কথাও ব্যক্ত কৰে ৷ বৰপেটা জিলাত বিভিন্ন কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ লগতে গাখীৰ উৎপাদনৰ ক্ষেত্ৰতো আগবাঢ়ি যোৱাৰ কথা প্ৰকাশ কৰে ৷ আনহাতে কনী উৎপাদনৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্ৰদানৰ কথা উল্লেখ কৰে ৷ কনী উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনক স্বাৱলম্বী কৰি তোলাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকে কামৰূপা নামৰ বৰ্ণশংকৰ জাতৰ এক কুকুৰাৰ উৎপাদন অচিৰেই আৰম্ভ কৰিব বুলিও প্ৰকাশ কৰে বিজেপিৰ ৰীজ্যিক সভাপতিগৰাকীয়ে ৷
বাইটঃ বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাস ৷ ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷