জনীয়া, 11 ডিচেম্বৰ : সমগ্ৰ দেশৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াতো নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আৰু ৰূপসী আঞ্চলিক কমিটিৰ উদ্যোগত শনিবাৰে দিল্লীৰ ঐতিহাসিক কৃষক আন্দোলনৰ সফলতা উপলক্ষে বিজয় দিৱস(Kisan Morcha Celebrate Victory Festival) পালন কৰা পৰিলক্ষিত হয় । সংযুক্ত কিষাণ মৰ্চাৰ আহ্বানত কলগাছিয়া নিখিল ভাৰত কৃষক সভা আৰু ৰূপসী আঞ্চলিক কমিটিয়ে ৰাজপথত আতচবাজী আৰু শোভাযাত্ৰাৰে পালন কৰে এই বিজয় উৎসৱৰ ৷
বিজয় উৎসৱ উপলক্ষে কলগাছিয়াত এক পদযাত্ৰা উলিয়াই কৃষক মৰ্চাৰ সদস্যসকলে ৷ তেওঁলোকে এই আন্দোলনৰ ছহিদ কৃষকক লালছালাম জনাই ক’লা আইনৰ বিৰোধী বিভিন্ন শ্ল’গান আৰু আতচবাজীৰে ৰাজপথ মুখৰিত কৰি তোলে ৷
কলগাছিয়াৰ নিখিল ভাৰত কৃষক সভা আৰু ৰূপসী আঞ্চলিক কমিটিৰ সদস্যসকলে সাত শতাধিক কৃষকৰ আত্মবলিদান আৰু কিষাণ মৰ্চাৰ ধাৰাবাহিক ঐক্যবদ্ধ জংগী আন্দোলনৰ ওচৰত অৱশেষত দাম্ভিক নৰেন্দ্ৰ মোদীৰ চৰকাৰে শিৰনত(Farmers Emerge Victorious Against Modi Government) কৰিলে বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁলোকে কিষাণ মৰ্চাৰ এই জয় ভাৰতৰ গণতন্ত্ৰৰ জয় আৰু ফেচিবাদৰ পৰাজয় বুলি মন্তব্য কৰে ।
লগতে পঢ়ক : AASU Observes Black Day: শিৱসাগৰত CAA বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ