ETV Bharat / state

জনীয়া সমষ্টিৰ শতাধিক গাঁও এতিয়াও জলমগ্ন

author img

By

Published : Jul 25, 2020, 12:02 PM IST

বিগত এটা মাহে বেঁকী নৈৰ বানত জলবন্ধী হেজাৰ হেজাৰ লোক। সঘনাই এৰিছে ভূটানৰ কুৰিশ্বু বান্ধৰ পানী। বানাক্ৰান্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

kharballi-beki-flood-and-errisson-critical-situation
জনীয়া সমষ্টিৰ শতাধিক গাঁও এতিয়াও জলমগ্ন

জনীয়া,25 জুলাইঃ ৰাজ্যত এফালে কৰ’ণা মহামাৰী আনফালে বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ তাৰমাজতে কলগাছিয়াত বেঁকী নৈৰ বানে ধাৰণ কৰিছে কালৰূপ । সঘনাই ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত জলমগ্ন হৈ পৰিছে সমগ্ৰ অঞ্চল । ফলত জনীয়া সমষ্টিৰ শতাধিক গাঁও এতিয়াও পানীৰ তলত ৷

বিগত এটা মাহতকৈ বেছি সময় ধৰি জলমগ্ন হৈ আছে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁও। বান আৰম্ভ হোৱাৰে পৰাই গাঁওখনৰ ঘৰে-ঘৰে একঁকাল পানী । ইপিনে গাঁওবাসীয়ে ঠায়ে-ঠায়ে ওখ ঠাইত আশ্ৰয় শিবিৰ পাতিছে যদিও বান সাহাৰ্যৰ নামত ফুটাকৰি এটাও নোপোৱাৰ অভিযোগ কৰিছে বানাক্ৰান্তই ।

আনহাতে অঞ্চলটোত বেঁকী নৈৰ সুতিৰ খহনীয়াৰ কবলত পৰাত একাংশ লোকে নিজৰ ঘৰ ভাঙি স্থানান্তৰ কৰিছে অন্য ঠাইলৈ । বানাক্ৰান্ত ৰাইজে একঁকাল পানীৰ মাজেৰে স্থানান্তৰ কৰিবলগা হৈছে ঘৰৰ সা-সামগ্ৰী । কোনোবাই যদি নাৱৰে আন কোনোবাই আকৌ একঁকাল পানী ভাঙি নিজৰ ঘৰখন বচাবলৈ আশ্ৰয় শিবিৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছে । কিন্তু এইসকল লোকৰ খবৰ ল'বলৈ আহৰি হোৱা নাই চৰকাৰ, জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষৰ।

লগতে পঢ়কঃ নলবাৰীত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ দল সংগঠনক কটাক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.