ETV Bharat / state

কলগাছিয়াত প্ৰধান শিক্ষয়িত্ৰীৰ মইমতালি

author img

By

Published : Nov 12, 2021, 8:35 PM IST

কলগাছিয়া(Kalgachia)ত বিজুলীক লৈ অতিষ্ঠ সকলো । এটাৰ পাচত আনটো অভিযোগ তুলিছে ৰাইজে । পিছে ৰাইজৰ অভিযোগৰ প্ৰতি ভ্ৰূক্ষেপ নাই বিজুলীৰ । কিন্তু বিজুলীয়ে কি জগৰ লগালে কলগাছিয়াৰ বাওৰপাৰবাসীক ।

কলগাছিয়াত প্ৰধান শিক্ষয়িত্ৰীৰ মইমতালি
বিদ্যালয়লৈ সময়মতে নাহে প্ৰধান শিক্ষয়িত্ৰী

জনীয়া, ১২ নৱেম্বৰ: বৰপেটা(Barpeta) জিলাৰ দক্ষিণ কলগাছিয়া বাওৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিজুলী মজুমদাৰ(Bijuli Majumdar)ৰ বিদ্যালয়ত উপস্থিত হওঁতে সদায় পলম হয় । এয়া আমি কোৱা কথা নহয় । গাঁৱৰ ৰাইজৰ অভিযোগ । পিছে বাইদেউৱে পলম হোৱাৰ কাৰণ বেলেগকৈহে দৰ্শালে ।

পুৱাই বিদ্যালয়লৈ ওলাই আহোঁতে হেনো বহু কাম কৰিবলগীয়া হয় । আজি আকৌ পুৱা জেৰক্সৰ দোকান খোলা নাছিল । সেয়ে, প্ৰয়োজনীয় নথিৰ জেৰক্স কৰাওতেহে হেনো পলম হ'ল । এই বাইদেউগৰাকীৰ বিৰূদ্ধে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকৰ লগতে স্থানীয় ৰাইজে দীর্ঘদিন ধৰি অভিযোগ উত্থাপন কৰি আহিছে ।

কলগাছিয়াত প্ৰধান শিক্ষয়িত্ৰীৰ মইমতালি

তেওঁলোকৰ অভিযোগ মতে, বাইদেউৱে কোনো দিনেই সময়মতে বিদ্যালয়ত উপস্থিত নহয় ।

কেতিয়াবা আকৌ হেনো বিদ্যালয়লৈ আহিবলৈ সময়েই নাপায় এইগৰাকী বিজুলী বাইদেউৱে । পিছে বিজুলী মজুমদাৰৰ দায়িত্বহীনতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত বাধা আহি পৰিছে । অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই স্বৰবৰ্ণখনেই ভালকৈ নাজানে । মধ্যাহ্ন ভোজনৰ পৰাও কণ কণ ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰীক আহ্বান জনালে স্থানীয় ৰাইজে । এতিয়া প্ৰশ্ন হয় চৰকাৰী দৰমহা লৈ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা, দায়িত্বহীন এইগৰাকী প্রধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(Dr. Ranoj Pegu) আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ? নে বিজুলী মজুমদাৰৰ দৰে শিক্ষয়িত্ৰীক শিক্ষকতাৰ বৃত্তিটোক লৈ ধেমালি কৰি থাকিবলৈ সুযোগ প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক:উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ শিক্ষার্থীৰ বাবে মাচুল ৰেহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.