বৰপেটা, 8 জানুৱাৰী : বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত কুমুলিপাৰাত চলিছে জুৱাৰ ৰমৰমীয়া ব্যৱসায় । গাঁওখনৰ এটা পৰিয়ালত চলিছে কোটি টকাৰ জুৱাৰ আড্ডা । বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ লাংলাৰ আনিচুৰ ৰহমানৰ নেতৃত্বত চলিছে জুৱাৰ এই ৰমৰমীয়া ব্যৱসায় । জুৱাৰ আড্ডাৰ ফলত অঞ্চলটোত পৰিৱেশ বিনষ্ট হৈছে যদিও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । কোনো লোকে অভিযোগ কৰিলেও তালৈ নাই জুৱাৰী সকলৰ ভ্ৰুক্ষেপ । এইক্ষেত্ৰত বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ হস্তক্ষেপ দাবী কৰিছে অঞ্চলটোৰ স্থানীয় লোকে ।
লগতে পঢ়ক : প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল