বৰপেটা,২৩ ডিচেম্বৰ: বৰপেটাত ভুৱা চিকিৎসকৰ দৌৰাত্ম্য ৷ বৰপেটা চহৰৰ কলনিত চেম্বাৰ খুলি এজন ভুৱা চিকিৎসকে মুকলিকৈ চলাই গৈছে চিকিৎসা ৷ আছাম ডেন্টেল কাউঞ্চিলৰ অভিযোগৰ ভিত্তিত বৰপেটাত আৰক্ষীয়ে অভিযান চলাই আটক কৰে ভুৱা চিকিৎসক জনক ৷ দণ্ডাধীশৰ উপস্থিতিতিত বৰপেটা আৰক্ষীয়ে অভিযান চলাই আটক কৰা ভুৱা দন্ত চিকিৎসকজনৰ নাম লুতফৰ ৰহমান ৷
উল্লেখ্য যে, বৰপেটা চহৰৰ কলনিত এম/এছ ডেজ ডেন্টেল মেডিকেল হল নামৰ এখন চেম্বাৰ খুলি লুতফৰ ৰহমানে চলাই আহিছিল চিকিৎসা ৷ উচ্চতৰ মাধ্যমিকত কলা শাখাত উত্তীৰ্ণ লুতফৰ ৰহমানে নামৰ আগত ডাঃ লিখি চলাই গৈছিল দাঁতৰ চিকিৎসা ৷ আৰক্ষীয়ে ভুৱা চিকিৎসকজনক আটক কৰাৰ লগতে চেম্বাৰটো চীল কৰি দিয়ে ৷ ইপিনে চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা কেতবোৰ সামগ্ৰীয়ো জব্দ কৰে আৰক্ষীয়ে ৷ বৰপেটা চহৰত ভুৱা চিকিৎসকৰ বিৰুদ্ধে চলা অভিযানক লৈ চহৰখনত এতিয়া সকলোৱে প্ৰকাশ কৰিছে সন্তুষ্টি ৷
লগতে পঢ়ক- অসমৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন সংযোজন ঘটাই সাজু ব্ৰহ্মপুত্ৰৰ মুকুতা