ETV Bharat / state

বৰপেটাত AIUDFৰ প্ৰতিষ্ঠা দিৱস পালন - বৰপেটা জিলা সমিতিৰ কাৰ্যালয়ত পালন কৰা হয় দলটোৰ প্ৰতিষ্ঠা দিৱস

২০০৫ চনৰ ৩ অক্টোবৰত প্ৰতিষ্ঠা লাভ কৰিছিল এআইইউডিএফ দলে । ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিষ্ঠা দিৱস পালন । বৰপেটা জিলা সমিতিৰ কাৰ্যালয়তো পালন কৰা হয় দলটোৰ প্ৰতিষ্ঠা দিৱস ৷

Barpeta
বৰপেটাত AIUDFৰ প্ৰতিষ্ঠা দিৱস পালন
author img

By

Published : Oct 3, 2021, 7:46 PM IST

বৰপেটা, ৩ অক্টোবৰ : অসমৰ ৰাজনৈতিক দলসমূহৰ ভিতৰত অন্যতম সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এআইইউডিএফ (AIUDF)। ২০০৫ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৩ অক্টোবৰত মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত গঠন হৈছিল এআইইউডিএফৰ ৷ এআইইউডিএফ দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত দলীয় কাৰ্যালয়সমূহত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ঠিক তেনেদৰে বৰপেটা জিলাতো এআইইউডিএফ দলে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ।

বৰপেটাত AIUDFৰ প্ৰতিষ্ঠা দিৱস পালন

বৰপেটা জিলা সমিতিৰ কাৰ্যালয়ত পালন কৰা হয় দলটোৰ প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে । অনুষ্ঠানত উপস্থিত থাকি বিধায়কগৰাকীয়ে কয় যে উপ-নিৰ্বাচনত ভৱানীপুৰ সমষ্টিত দলৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ প্ৰায় নিশ্চিত হৈ আছে । বাকী কেইটা সমষ্টিটো প্ৰাৰ্থী প্ৰক্ষেপৰ বিষয়ে অতি শীঘ্ৰে দলে সিদ্ধান্ত ল'ব বুলি তেওঁ উল্লেখ কৰে ।

ইফালে ভৱানীপুৰ সমষ্টি প্ৰসংগত বিধায়কগৰাকীয়ে কয় যে বিশ্বাসঘাতকৰ পৰিণাম কেতিয়াও ভাল নহয় । ভৱানীপুৰত এআইইউডিএফ দলে চতুৰ্থবাৰৰ বাবে বিজয় নিশ্চিত কৰিব বুলিও তেওঁ দাবী কৰে ৷ আনহাতে সমষ্টিটোত পূৰ্বৰ তুলনাত অধিক ভোটত জয়ী হ'ব বুলিও তেওঁ নিশ্চিত ।

আনহাতে শ্বেৰমান আলী আহমেদৰ প্ৰসংগত তেওঁ কয় যে বিধায়কগৰাকীৰ মন্তব্য গ্ৰহণযোগ্য নহয় । অপ্ৰয়োজনীয় কথাৰ পৰা জনপ্ৰতিনিধিসকল আঁতৰি থাকিব লাগে আৰু সদায় সম্প্ৰীতি বজাই ৰাখিব লাগে ৷ ইয়াৰ উপৰিও বিজেপিৰ কেইবাগৰাকী বিধায়কক এই প্ৰসংগলৈ আনি কয় যে তেওঁলোকেও বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰি আহিছে ।

শিলাদিত্য দেৱ,মৃণাল শইকীয়া,জয়ন্ত মল্ল বৰুৱা,পদ্ম হাজৰিকা আৰু পীযুষ হাজৰিকাৰ দৰে নেতাইও বহু সময়ত সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে । সেয়ে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (Himanta Biswa Sarma) গুৰুত্ব দিবলৈও আহ্বান জনাই বিধায়ক ৰফিকুল ইছলামে ।

লগতে পঢ়ক :ক’ভিড যোদ্ধাৰ কাষত NSUI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.