ETV Bharat / state

বাঘবৰত বেকী আৰু ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া

বেকী আৰু ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ খহনীয়াই শংকিত কৰিছে বাঘবৰ সমষ্টিৰ মইনবৰী অঞ্চলৰ ৰাইজক ৷ চৰকাৰলৈ খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা আৰু ক্ষতিগ্ৰস্তক ক্ষতিপুৰণৰ দাবী অঞ্চলবাসীৰ ৷

author img

By

Published : Oct 27, 2020, 10:54 AM IST

Flood situation of Janiya
বাঘবৰত বেকী, ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ তাণ্ডৱ

জনীয়া,27 অক্টোবৰ: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ মইনবৰীত বেকী আৰু ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ খহনীয়াই সৃষ্টি কৰিছে তীব্ৰ আতংকৰ ৷ শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।

যোৱা দুটা সপ্তাহত অঞ্চলটোৰ মইনবৰী, কিছমত মইনবৰী, জয়পুৰ, তাৰাকান্দি আদি গাঁৱৰ ডেৰ শতাধিক পৰিয়ালৰ ভেটি মাটি নদীৰ বুকত জাহ যোৱাৰ লগতে মতিনপুৰলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ, হালধীয়াপাৰা প্ৰাথমিক বিদ্যালয় আদিও বিধ্বস্ত হৈ পৰিছে। খহনীয়াৰ ভয়ত আতংকিত হৈ নৈপৰীয়া এলেকাৰ বহু পৰিয়ালে নিজৰ ভেটি মাটি এৰি নিৰাপদ স্থানত আশ্ৰয় লবলগীয়া হৈছে ।

খহনীয়া প্ৰতিৰোধ আৰু খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতি পুৰণ দিবলৈ ৰাজ্য চৰকাৰ ও স্থানীয় বিধায়কক অৱগত কৰিছে যদিও কোনো ফলাফল নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে । এইক্ষেত্ৰত অচিৰেই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ জলসম্পদ বিভাগক আবেদন জনালে অঞ্চলটোৰ সচেতন মহলে ।

লগতে পঢ়ক: মিঞা সংগ্ৰহালয় সন্দৰ্ভত হিমন্ত বিশ্বৰ শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.