ETV Bharat / state

বানৰ কবলত বৰপেটাৰ বিস্তৃৰ্ণ অঞ্চল

author img

By

Published : Jun 28, 2020, 5:09 PM IST

জিলাখনৰ অন্তৰ্গত পল্লা আৰু পহুমৰা নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে বৰপেটাৰ হাউলী অঞ্চলৰ কেবাখনো গাঁও ৷ বানত ডুব গৈছে কালঝাৰ, কুজাৰপীঠ, বৰবালা কমলপুৰ ইত্যাদি বহু গাঁৱৰ লগতে কেবা হাজাৰ বিঘা কৃষিভূমি ৷

Barpeta howly
বান বিভীষিকাত বৰপেটা

বৰপেটা, ২৮ জুনঃ প্ৰতিবছৰৰ সমান্তৰালকৈ এইবেলিও ৰাজ্যত এতিয়া বানপানীৰ তীব্ৰ ৰূপ। চৌদিশে পানী আৰু পানী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভিন্ন অঞ্চল এতিয়া বানপানীৰ কবলত । কেইবাদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে নদ-নদী সমূহৰ জলপৃষ্ঠ। ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি । এফালে কৰ'ণা আতংক, আনফালে অব্যাহত আছে বানৰ সংহাৰ।

লগতে পঢ়কঃ ভয়ংকৰ ভূমিস্খলনত প্ৰাণ গ'ল নৃত্যশিল্পী প্ৰিয়ংকা বড়োৰ

প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে বৰপেটা জিলা ৷ জিলাখনৰ অন্তৰ্গত পল্লা আৰু পহুমৰা নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে বৰপেটাৰ হাউলী অঞ্চলৰ কেবাখনো গাঁও ৷ বানত ডুব গৈছে কালঝাৰ, কুজাৰপীঠ, বৰবালা কমলপুৰ ইত্যাদি বহু গাঁৱৰ লগতে কেবা হাজাৰ বিঘা কৃষিভূমি ৷ ফলশ্ৰুতিত খাদ্য সংকটত ভুগিছে জিলাখনৰ পশুধন । ইপিনে এই বিপদৰ সময়ছোৱাত গাঁওবাসীক সহায় কৰিবলৈ জনপ্ৰতিনিধি আৰু চৰকাৰ প্ৰশাসন কোনো আগবাঢ়ি অহা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে বৰপেটাবাসীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.