বৰপেটা ১১ জুলাই : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ (Assam Flood 2022)৷ যাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বহু লোক ৷ সমান্তৰালকৈ বৰপেটাতো নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ ফলত মৎস্য পালকসকলে ভীষণ ক্ষতিৰ সন্মুখীন হৈছে(Fish farmers badly affected by last flood) ৷
মীন বিভাগে জনোৱা মতে, বৰপেটা জিলাত প্ৰায় ১৮,৬২৯ টা পুখুৰী বানত ক্ষতিগ্ৰস্ত হৈছে ৷ মীন বিভাগৰ তথ্য অনুসৰি জিলাখনত পৰ্যাপ্ত পৰিমাণে মাছ উৎপাদন হয় ৷
জিলাখনত বছৰি ১৯ হাজাৰ মেট্ৰিক টন মাছৰ চাহিদাৰ বিপৰীতে বৰপেটাত ২৬ হাজাৰ মেট্ৰিক টন মাছ উৎপাদন হয় ৷ কিন্তু বানে প্ৰায়বোৰ পুখুৰী জলমগ্ন কৰি তোলাৰ ফলত পুখুৰীৰ পোহা মাছ প্ৰায়বোৰ ওলাই যোৱাৰ লগতে পুখুৰীত পলস পৰাৰ ফলত পুখুৰীবোৰৰ যথেষ্ট ক্ষতিসাধন হৈছে ৷ বৰ্তমান বৰপেটা জিলাত হোৱা মীন পালকৰ এই ক্ষতি চৰকাৰে কিদৰে পূৰণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব মীন পালকৰ ভৱিষ্যত ৷
লগতে পঢ়ক : National Fish Farmers Day : বাক্সাত ৬৮ গৰাকী মীন পালকক আৰ্থিক সাহায্য প্ৰদান