বৰপেটা, 13 ছেপ্টেম্বৰঃ যোৱা ১০ ছেপ্তেম্বৰত স্বাস-প্ৰশ্বাসৰ সমস্যাত ভোগাৰ পিচতেই তেঁওক ভৰ্ত্তি কৰা হৈছিল বৰপেটা মেডিকেল কলেজ হাস্পতালত ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত ক'ভিড পজিটিভ চিহ্নিত শিক্ষাবিদ গৰাকীক পিচত উন্নত চিকিৎসাৰ বাবে জি এম ছি এইচলৈ প্ৰেৰণ কৰা হৈছিল ৷
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আই-চি-ইউত চিকিৎসাধীন হৈ থকা বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অৰ্জুন দাসৰ অৱশেষত শনিবাৰে বিয়লি চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠক অর্জুন দাসৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে বৰপেটাবাসী ৷
তেখেতৰ মৃত্যুত সৰভোগ সমষ্টিৰ মাননীয় বিধায়ক ৰঞ্জিত কুমাৰ দাস, বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, প্ৰাক্তন উপায়ুক্ত তথা লেখক থানেশ্বৰ মালাকাৰে গভীৰ শোক প্ৰকাশ কৰি শোক-সন্তপ্ত পৰিয়াললৈ জনাইছে সমবেদনা ।